B G SCAN centre
B G SCAN CENTRE, SARUPATHAR,
Like our page
ULTRASOUND , DIGITAL ECG, DIGITAL X-RAY, Blood Test, Doctor's available
01/01/2026
গৰ্ভধাৰণৰ সময়ৰ পুষ্টিকৰ খাদ্য
গৰ্ভধাৰণৰ সময়ৰ পুষ্টিকৰ আৰু সুষম আহাৰ খোৱাটো অতিকে দৰকাৰী।এই সময়ত বেবীৰ কাৰণে অতিৰিক্ত পৰিমানে পুষ্টিকৰ আহাৰ, ভিটামিন ,কেলৰি ( ৩০০ৰ পৰা ৫০০ কিলোঁ কেলৰি প্ৰতিদিন) আৰু খনিজ পদাৰ্থ লাগে।এই খাদ্যসমূহ অভাৱ ঘটিলে কম ওজন আৰু দুৰ্বল বেবীৰ জন্ম হোৱাৰ সম্ভাৱনা থাকে।কমকৈ খাদ্য খালে মাতৃক দুৰ্বল কৰি তোলে আৰু বেছিকৈ খালে মধুমেহ ৰোগৰ সম্ভাৱনা থাকে।সঠিক পৰিমাণৰ সুষম আহাৰ খোৱা অভ্যাসে গৰ্ভাৱস্থাৰ প্ৰথমৰ পৰাই মাতৃ আৰু কেঁচুৱাই সুস্থ সবল স্বাস্থ্য পাব পাৰে।
১/গাখীৰত গৰ্ভাৱস্থাত দৰকাৰী হোৱা সঠিক পৰিমাণৰ প্ৰটিন, কেলচিয়াম, ফচফৰাছ, ভিটামিন B, মেনগানিজ, জিংক আদি থাকে।দৈ গৰ্ভৱস্থাৰ কাৰণে অতিকে উত্তম খাদ্য। দৈ ত থকা লেক্টবেছিলাছে খাদ্য হজম হোৱাত সহায় কৰে। দৈ ত থকা Probiotics, Lactobacillus আদিয়ে উচ্চৰক্তচাপ, মধুমেহ, এলাৰ্জি, জৰায়ুৰ বীজাণু সংক্ৰমণ কম হোৱাত সহায় কৰে।
২/মাহজাতীয় শস্য বুট, মচুৰ, মগু,চয়াবিন, মটৰ আদি খাদ্যত প্ৰটিন, আইৰন, ফলিক এচিড, কেলচিয়াম, আদি গৰ্ভাৱস্থাৰ প্ৰয়োজনীয় পুষ্টি সমূহ থাকে।
ফলিক এচিড গৰ্ভৱস্থাৰ অতিকে জৰুৰী । ইয়াৰ অভাৱ হলে স্নায়ুবিক বিসংগতি , পিছৰ জীৱনত প্ৰতিৰোধ ক্ষমতা কম হোৱা , ওজন কম হোৱা দেখা যায়। মাহজাতীয় খাদ্যত থকা আঁহ ৰ বাবে কৌষ্ঠকাঠিন্য নহয়।
৩/মিঠা আলু: মিঠা আলুত বেছি পৰিমানে ভিটামিন A থাকে। ভিটামিন A শৰীৰ গঠন আৰু বৰ্ধনত সহায় কৰে। মাংসত থকা ভিটামিন A তকৈ মিঠা আলুত থকা ভিটামিন A বেছি উপযোগী। দিনে এক শ পৰা ডেৰ শ গ্ৰাম মিঠা আলুৱে দৰকাৰী ভিটামিন A যোগান ধৰে। তাৰোপৰি, মিঠা আলুত থকা আঁহবোৰে শৰীৰত চেনী কমাই,পাচন ক্ষমতা বঢ়ায়, কৌষ্ঠকাঠিন্য দূৰ কৰে।
৪/মাছত থকা OMEGA 3 FATTY ACID এ বেবীৰ মস্তিস্ক আৰু চকু গঠনত সহায় কৰে। সপ্তাহত দুদিন মাছ খালে প্ৰয়োজনীয় omega 3 fatty acid, vitamin D পোৱা যায়।
৫/ কণী: কণীৰ পৰা আমি আমাৰ খাদ্যত প্ৰয়োজনীয় সকলো পুষ্টি পাব পাৰো।এই কণীত থকা CHOLINE নামৰ পদাৰ্থৰ পৰা বেবীৰ মগজু আৰু শৰীৰ গঠন হয়।
৬/ ব্রকলি আৰু সেউজীয়া শাক পাচলি: ইয়াত থকা আঁহ জাতীয় পদাৰ্থ, ভিটামিন C, ভিটামিন D, কেলচিয়াম, আইৰন, ফলিক এচিড, পতাছিয়াম আদিয়ে বেবীৰ ওজন বঢ়াত সহায় কৰে।
৭/মাংস: মাংসত যথেষ্ঠ পৰিমানে CHOLINE, ভিটামিন B , আইৰণ আদি থাকে। ভিটামিন C থকা খাদ্য যেনে কমলা, নেমুটেঙা, আমলখি আদি মাংসৰ লগত খালে দেহত আইৰণৰ পৰিমাণ বাঢ়ি যায়।
৮/মাছৰ লিভাৰ তেল( OMEGA 3 FATTY ACID) মাছৰ তেলত যথেষ্ঠ পৰিমানে OMEGA 3 FATTY ACID , ভিটামিন D, ভিটামিন A আদি থাকে। এই ভিটামিন সমূহৰ অভাৱ হলে গৰ্ভৱস্থাৰ উচ্চাৰক্তচাপ, ভৰি- হাত ফুলা আদি হব পাৰে।
কলা জামু, STRAWBERRY, নুনি, বগৰী জাতীয় খাদ্যত ভিটামিন, কাৰ্বহাইড্ৰেট, ANTIOXIDANT ,আঁহ আদি থাকে।
৯/গুমধান: ইয়াৰ পৰা গৰ্ভৱস্থাৰ প্ৰয়োজনীয় কেলৰি, আঁহ, ভিটামিন B, মেগনেছিয়াম আদি পাব পাৰি।
১০/ শুকান ফলমূল: ইয়াৰ পৰা গৰ্ভৱস্থাৰ প্ৰয়োজনীয় ভিটামিন, খনিজ পদাৰ্থ, আইৰণ, পতাছিয়াম পাব পাৰি।
১১/খেজুৰ:ইয়াৰ পৰা আইৰণ ,আঁহ, পতাছিয়াম পাব পাৰি। জনবিশ্বাস আছে যে, খেজুৰ খালে স্বাভাৱিক প্ৰক্ৰিয়াৰে প্ৰসৱ হোৱাৰ সম্ভাৱনা বেছি থাকে।
আমাৰ ঘৰৰ আশে-পাশে থকা মাটি কান্দুৰী, জিলমিল,খুঁতৰা, গুৰ আদিৰ পৰা প্ৰয়োজনীয় আইৰণ, ভিটামিন আৰু মিনাৰেল পাব পাৰি। গৰ্ভৱস্থাৰ সময়ত এগৰাকী মাতৃৰ ১১ কিলোঁ ওজন বাঢ়ে।গতিকে, এই ওজন প্ৰাপ্তিৰ বাবে প্ৰয়োজনীয় খাদ্য আৰু কেলৰি অতিকে প্ৰয়োজনীয়।
গৰ্ভৱস্হাত নাখাবলগীয়া খাদ্য
১/মাৰকাৰী সাগৰীয় মাছত বেছি পৰিমানে থাকে।এই খাদ্য সমূহ খালে কেঁচুৱাৰ গঠনত বিসংগতি হব পাৰে। আধা সিজোৱা মাছত VIBRIO CHOLERAE, SALMONELLA, LISTERIA থাকে। এই বীজানুসমূহে গৰ্ভপাত কৰাত আশংকা থাকে।
২/আধা সিজোৱা মাংস খালে ইয়াত থকা অপকাৰী বীজাণু যেনে TOXOPLASMOSIS, E CHOLI, LISTERIA, SALMONELLA বোৰে কেঁচুৱাৰ গৰ্ভতে মৃত্যু হোৱা, স্নায়ু জনীত ৰোগ, বিকলাংগ, চকুৰ অসুখ, কমকৈ দেখা, মৃগী ৰোগ হব পাৰে। গৰ্ভৱস্থাৰ সময়ত মাংস খালে ভালকৈ সিজাই খোৱা দৰকাৰী।
৩/ নিসিজোৱা বা কমকৈ সিজোৱা কণীত SALMONELLA থাকে। এই বীজাণু বোৰে গৰ্ভৱস্থাত ডায়েৰীয়া, পেটবিষ, বমি , সময়ৰ আগতে গৰ্ভপাত আদি ৰোগ কৰিব পাৰে।
৪/শীতল পানীয় যেনে PEPSI, COCA COLA, COFEE আদিত CAFFEINE থাকে। গৰ্ভৱস্থাৰ জৰায়ুত CAFFEINE বাঢ়ি গলে কেঁচুৱাৰ ওজন কমি হোৱা, সময়ৰ আগতেই গৰ্ভপাত হোৱা আদি হব পাৰে।
৫/ নোধোৱাকৈ খোৱা খাদ্যত বিভিন্ন প্ৰকাৰৰ বীজাণু যেনে TOXOPLASMOSIS, E CHOLI, LISTERIA, SALMONELLA আদি যে সোনকালে গৰ্ভপাত হোৱা আশংকা বঢ়াই দিয়ে।TOXOPLASMOSIS জৰায়ুত সংক্ৰমণ হলে কেঁচুৱাৰ মগজু আৰু চকুত ক্ষতি কৰে।
৬/ কমকৈ সিজোৱা গাখীৰ খালে বীজাণু সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে।
৭/ সুৰা পান: গৰ্ভৱস্থাত সুৰাপান কৰিলে কেঁচুৱাৰ ওজন কম হোৱা , গৰ্ভপাত আদি হব পাৰে। কম পৰিমাণে সুৰাপান কৰিলেও কেঁচুৱাৰ মগজু, মুখ, হৃদ গঠনত ক্ষতি হব পাৰে। গতিকে, গৰ্ভৱস্থাৰ সময়ত সম্পূৰ্ণৰূপে সুৰাপানৰ , ধূমপান পৰা আঁতৰি থাকিব লাগে।
৮/ JUNKFOOD: হোটেল, ৰেস্তোৰাঁত খোৱা JUNKFOOD সমূহত পুষ্টি কম আৰু বেছি পৰিমানে কেলৰি, চেনী, চৰ্বি থাকে।এই খাদ্যসমূহে মধুমেহ ৰোগ, মেদবহুলতা , কেঁচুৱাৰ ওজন বেছি হোৱা আদি সমস্যা বঢ়াই দিয়ে।
সেয়েহে, গৰ্ভৱস্থাত আগদিনাই ৰান্ধি থোৱা খাদ্য, ভাল দৰে নিসিজোৱা খাদ্য , বাহিৰত খোৱা খাদ্য, সুৰাপান, ধূমপান, ভালদৰে নিসিজোৱা গাখীৰ, কণী আদি খাদ্যসমূহে গৰ্ভত থকা কেঁচুৱাৰ ক্ষতি সাধন কৰে।ধন্যবাদ।
ডাঃ হীৰেন গগৈ
DR HIREN GOGOI IVF
DIBRUGARH
PALTAN BAZAAR
17/09/2025
ৱিশ্ৱকৰ্মন্ হৱিষা ৱৰ্ধনেন ত্ৰাতাৰমিন্দ্ৰমকৃণোৰৱধ্যম্ ।
তস্মৈ ৱিশঃ সমনমন্ত দৈৱীৰয়মুগ্ৰো ৱিহৱ্যো যথাসৎ ॥ ২৪॥
ৱিশ্ৱকৰ্মা হ্যাজনিষ্ট দেৱ।আদিদ্গন্ধৰ্ৱোঽভৱদ্ দ্ৱিতীয়ঃ । তৃতীয়ঃ পিতা জানিতৌষধীনামপাং গৰ্ভং ৱ্যদধাৎপুৰুত্ৰা ॥ ৩২॥
ডিজিটেল এক্সৰে
ৰিৰ্পট ১০ মিনিটৰ ভিতৰত দিয়া হয়॥
আমাৰ ইয়াত
Barium swallow
Barium fallow through
IVP
সৰুপথাৰ পদুমনি ব্লকৰ সন্মুখত
এছ বি আই এটিম ওচৰত
Contact - 7002638326
8876598672
B G SCAN centre
B G SCAN CENTRE, SARUPATHAR,
Like our page
ULTRASOUND , DIGITAL ECG, DIGITAL X-RAY, Blood Test, Doctor's available
25/07/2025
“প্ৰথমতে কওঁ ভয় নাখাব। মাত্ৰ সজাগ হওক🙏🏻।”
আপোনাৰ শৰীৰত হয়তোবা কিছু বেছিকৈ চৰ্বী আছে আৰু ডিঙিৰ কাষত, কাষলতিৰ কাষত এনেকৈ কলা দাগ (Acanthosis Nigricans) পৰিছে তথা সৰু সৰু ছালৰ টেমুনা (Skin Tag) ওলাইছে। এই দুয়োবিধ একেলগে আছে বা দাগ বা টেগ যিকোনো এবিধ থাকিলেও আপুনি সাৱধান হ’ব হ’ল। আপুনি একো অসুবিধা পোৱা নাই বাবে হয়তো গুৰুত্ব দিয়া নাই। কিন্তু এইয়া আচলতে ভগৱান বা প্ৰকৃতিয়ে আপোনাক সংকেত (signal) দি আছে যে আপোনাৰ হয়তো Insulin Resistance আৰম্ভ হৈছে। সময়মতে যত্ন নললে এনে মানুহৰ ভৱিষ্যতে তলত দিয়া সমস্যাবোৰৰ এটা, দুটা বা গোটেইকেইটাই দেখা দিব পাৰে।
**মধুমেহ (Diabetes)
**উচ্চ ৰক্তচাপ (High Blood Pressure)
** অলপ কষ্ট কৰিলেই ভাগৰ লগা/উশাহ চুটি হোৱা
**টোপনি বেছি হোৱা
**টোপনিত নাক বজা
**High Cholesterol
**Fatty Liver
**Heart Attack
**Cardiac Arrest
**Cancer
**বেছিকৈ চুলি সৰা
**PCOD/PCOS
এতিয়া কি কৰিব?
**উত্তৰটো তেনেই সহজ। shortcut নিবিচাৰিব। নহলে আপোনাক ভয় খুৱাই আপোনাকেই shortcut বিক্ৰী কৰি লাভ লবলৈ সুযোগ বিছাৰি ফুৰা কিছুমান মানুহে কেতিয়া ৰামঠগন দিব আপুনি গমেই নাপাব। 6-8 মাহ মানত নিজকে ঠিক কৰিম বুলি target লওক। কোনো diet list নালাগে আপোনাক। ঘৰত বনোৱা প্ৰাকৃতিক/থলুৱা খাদ্য খাওক। Intermittent Fasting কৰক। সদায় ঘাম ওলোৱাকে/উশাহ চুটি হোৱাকে ১-২ ঘণ্টা ব্যায়াম কৰক। ভালকৈ টোপনি মাৰক। বেছি ভয়/খং/ঈৰ্ষা/হিংসা/কাজিয়া/ঋণাত্মকতাৰ পৰা যিমান পাৰে নিজকে দূৰত থাকক।
(পাছে এতিয়া আপুনি fasting আৰু exercise কৰি সদায় ডিঙিটো বা কাষলতিৰ তলটো চাই ভয় খাই নাথাকিব যে মোৰ বা কেতিয়া এইবোৰ কমে। আচলতে এইবোৰ এবাৰ হ’ল যেতিয়া, খুব সহজে নকমে। এইবোৰ আচলতে এক প্ৰকাৰৰ চিগনেলহে। আপুনি নিজৰ যত্ন লৈ থাকিলে ভিতৰি ভিতৰি হৈ থকা Insulin Resistance ঠিক হৈ গৈ থাকিব। সেইটোহে ডাঙৰ কথা। চিকিৎসকৰ তাত গৈ বা আন উপায়েৰে ধৰি লওক আপুনি এই skin tag কাটি পেলালে বা দাগ গুছাই পেলালে, কিন্তু এনে কৰি আপুনি জানো আচল বিপদটোক বাধা দিলে? নিজক শুধি চাব! এই দাগ বা গুটিবোৰ বেমাৰ নহয়, ভিতৰি ভিতৰি হৈ থকা আন বেমাৰৰ লক্ষণহে। বুজি পাইছে নে কথাষাৰ??)
** কি কি বস্তু নাখাব….
১) চেনি
২) চেনি থকা যিকোনো বস্তু
যেনে, মিঠাই, চক্লেট, আইচক্ৰীম ইত্যাদি
৩) Cold drinks, Fruit Juice
৪) বিস্কুট, কেক
৫) যিকোনো Fast Food
৬) ডালডা, ৰিফাইন তেল
৭) Redmeat (কমকে খাওক)
৮) TV-ত বিজ্ঞাপন দি খাবলৈ কোৱা বস্তুবোৰ
৯) মদ
১০) ধপাত জাতীয় বস্তু
** কি কি খাব/খাব পাৰিব…..
১) সৰহ পৰিমানে পানী
২) সৰহ পৰিমানে শাক-পাচলি
৩) ঘৰতে বনোৱা খাদ্য
৪) মিঠাতেল
৫) উচিত পৰিমানত ভাত/ৰুটি
৬) কম পৰিমানে মাছ/মাংস/কণী
- “ াখিব_মানুহ_খাইহে_মৰে_নাখায়_নমৰে”
(এনে পোষ্টবোৰ share কৰিলে বহুত মানুহৰ লাভ হয়, সেয়েহে আপুনি share কৰি দিয়ে যাতে🙏🏻।
লগতে আপুনি কমেণ্ট এটা কৰি মোক উৎসাহিত কৰক।)
Copied by :-
পুষ্পিতা হোৱা এগৰাকী ছোৱালীয়ে কেনেধৰণে সাৱধানতা অৱলম্বন কৰিব লাগে। অভিভাৱকৰ দায়িত্ব কি?
Lab Technician
এজন প্ৰাৰ্থী প্ৰয়োজন (পুৰুষ)
সৰুপথাৰ-বৰপথাৰ হলে বেছি ভাল হয়
বিজি স্কেন চেন্টাৰ সৰুপথাৰ
৭০০২৬৩৮৩২৬
Click here to claim your Sponsored Listing.
Category
Contact the business
Telephone
Website
Address
Golaghat
785601