Swarup Rani Dutta

Swarup Rani Dutta

Share

বাঁহী ( Masum Dutta)

11/01/2026

আপুনি জানেনে কোনগৰাকী শিক্ষয়িত্ৰীয়ে সমাজ ৰূপান্তৰৰ স্বপ্নৰে জগত জিনিছিল? কোন আছিল সাবিত্ৰীবাই ফুলে? বৈপ্লৱিক আদৰ্শৰে শিক্ষা আৰু সমঅধিকাৰৰ ক্ষেত্ৰত মহিলাসকলৰ বাবে পথ প্ৰশস্ত কৰাত এক অনন্য ভূমিকা পালন কৰিছিল সাবিত্ৰীবাই। 1800 চনৰ আগতে মহিলা সকলে শিক্ষা গ্ৰহন কৰাতো পাপ বুলি গণ্য কৰা হৈছিল। চন ১৮৩১ ৰ ৩ জানুৱাৰীত জন্ম গ্ৰহণ কৰিছিল সাবিত্ৰীবাই ফুলে। ১৮৪৮ চনত তেঁওএখন স্কুল প্ৰতিষ্ঠা কৰি ছোৱালী সকলক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিব বিছাৰে কিন্তু সেই সময়ত এই পথ কঠিন আছিল। আধুনিক ভাৰতৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী হিচাপে গণ্য কৰা এইগৰাকী মহিলা আইকন সাবিত্ৰীবাই ফুলেক। ছোৱালী-কিশোৰীৰ বাবে ১৮ খন বিদ্যালয় স্থাপন তথা গোটেই জীৱন মহিলাৰ অধিকাৰৰ বাবে যুঁজ দিয়া বীৰাংগনা সাবিত্ৰীবাই ফুলে। মানুহৰ জাতি আৰু লিংগৰ ভিত্তিত কৰা অন্যায় আৰু আৰু বৰ্ণ বৈষম্য আঁতৰ কৰিবলৈ তেওঁ কঠিন পৰিশ্ৰম কৰিছিল।

14/08/2025

আজিৰ পৰা ২০০ মিলিয়ন বছৰৰ আগতে আমাৰ পৃথিৱীত মাত্ৰ এখন মহাদেশ আৰু এখন মহাসাগৰ আছিল , মহাদেশ খনৰ নাম আছিল প্যাঙ্গিয়া (Pangaea) আৰু মহাসাগৰ খনৰ নাম আছিল প্যানথালাসা (Panthalassa) ।কিন্তু Tactonic plates activity ৰ বাবে কালক্ৰমত ৭খন মহাদেশ আৰু ৫খন মহাসাগৰ হয়।

13/08/2025

মন যায় মোৰো মন যায়
মন যায় মোৰো মন যায়
চকুত চকু থৈ চাবলে
লাহে লাহে ওচৰ পাবলে

09/08/2025

Kami-Shirataki Station:
এই ৰেলৱে ষ্টেচনটোৰ কথা আপোনালোকে শুনিছেনে, জাপানৰ এটা ৰেলৱে ষ্টেচন হয় ।সেই ষ্টেচনটোৰ পৰা ৰেল যাত্ৰী নথকাৰ বাবে জাপান চৰকাৰে ষ্টেচনটো বন্ধ কৰি দিব বিচাৰিছিল।কিন্তু পাছত এজনী ছাত্ৰী সেই ষ্টেচনৰ পৰা সদায় স্কুল যোৱাৰ কথা জানিব পাৰি ষ্টেচনটো বন্ধ নকৰাৰ সিদ্ধান্ত গ্ৰহন কৰে আৰু লগতে ছাত্ৰী গৰাকী বিদ্যালয়ললৈ যোৱা আৰু ঘূৰি অহা এই ২টা সময়ত ৰেলৰ চলাচল অব্যাহত ৰাখে। ছাত্ৰী গৰাকীৰ বিদ্যালয়ৰ শেষৰ দিনা জাপান চৰকাৰে এই ষ্টেচনটো বন্ধ কৰি দিয়ে ।কেৱল এজনী ছাত্ৰীৰ বাবেই এই ষ্টেচনটো চলি আছিল, এই সিদ্ধান্তটোৱে বুজাই যায় শিক্ষা কিমান গুৰুত্বপূৰ্ণ।

29/07/2025
29/07/2025
27/07/2025

কলিতা জনগোষ্ঠীঃ
কনকলাল বৰুৱাই কৈছে যে আৰ্য্যৰ এটা শাখা প্ৰথমে উত্তৰ-পূবৰ পৰা অসমত প্ৰৱেশ কৰিছিল আৰু সেই আদিম আৰ্য্যসকলৰ বংশধৰসকলেই হৈছে বৰ্তমান সময়ৰ অসমীয়া কলিতাসকল। এওঁলোকেই হৈছে একমাত্ৰ "পূৰ্ববৈদিক আৰ্যজাতি" যি সৰ্বপ্ৰথমে অসমলৈ আৰ্য সংস্কৃতি কঢ়িয়াই আনিছিল।" মাধুৰ্যমণ্ডিত বৰুৱাৰ মতে, খ্ৰীষ্টপূৰ্ব ৩১৯২ চনত আলপাইনগোষ্ঠীয় কলিতাসকলে বৰ্তমানৰ অসমৰ ৰজা জল্পৰ সহায় আৰু আশ্ৰয় লৈ প্ৰথম কলিতা ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। খ্ৰীষ্টপূৰ্ব ২০১১ চনৰ শেষৰ ফালে কলিতা ৰাজ্য ব্ৰহ্মপুত্ৰৰ দক্ষিণ উপত্যকালৈকে বিস্তৃত হৈছিল। হিমাচল প্ৰদেশৰ কুল্লু উপত্যকা বা কুলুট বংশৰ পৰা অহাৰ বাবেই প্ৰাচীন অসমত এই ক্ষত্ৰিয় জাতিটো কলিতা নামেৰে জনাজাত আছিল ,কলিতাসকল হৈছে অসমৰ বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰাচীনতম আৰু সৰ্ববৃহৎ জনগোষ্ঠী। প্ৰখ্যাত বুৰঞ্জীবিদ পদ্মনাথ গোঁহাঞিবৰুৱাদেৱে তেখেতৰ ‘অসম বুৰঞ্জী’ত এই কথা স্পষ্ট কৰি গৈছে যে কলিতাসকল অসমৰ আটাইতকৈ পুৰণীকলীয়া আদিবাসী, নৰক, ভগদত্ত আৰু ৰজাসকল কলিতাসকলৰ আদিপুৰুষ আছিল।

27/07/2025

শিখণ্ডীঃ

শিখণ্ডী মহাভাৰতৰ এটি অতি গুৰুত্বপূৰ্ণ চৰিত্ৰ আছিল বুলি হয়তো আপনালোকে সকলোৱে জানে । তেওঁ শিখন্দিনী নামৰ মহিলা হিচাপে পাঞ্চালৰ ৰজা দ্ৰুপদৰ ঘৰত জন্ম গ্ৰহণ কৰে, অৱশ্যে পিছলৈ তেওঁ পুৰুষলৈ ৰূপান্তৰিত হয়। তেওঁ দ্ৰৌপদীৰ ভাতৃ। শিখণ্ডী ক অম্বাৰ পুনৰ্জন্ম বুলি কোৱা হয়। শিখণ্ডীয়ে কুৰুক্ষেত্ৰ যুদ্ধত পাণ্ডৱসকলৰ বাবে যুঁজ দিছিল আৰু ভীষ্মৰ মৃত্যুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
কিন্তু কিয় অম্বা পুনৰ শিখণ্ডী ৰূপত পুনৰ জন্ম লৈছিল আৰু ভীষ্মৰ মৃত্যুৰ কাৰন হৈছিল তাৰ আঁৰতোএটা কাহিনী আছে আপোনালোকে নিশ্চয় জানে ।

Photos from Swarup Rani Dutta's post 25/07/2025

এটি সুন্দৰ আবেলি আৰু মই 🥰

25/07/2025

কেদাৰনাথঃ

কেদাৰনাথ ভাৰতৰ এখন অন্যতম পবিত্ৰ স্থান । বহু হাজাৰ বছৰ পূৰ্বে এই মন্দিৰ নিৰ্মান হৈছিল ।৬মাহ যেতিয়া বৰফত এই মন্দিৰ ঢাক খাই থাকে ইয়াৰ বন্তি গছি নিৰন্তৰ জ্বলি থাকে।কেদাৰনাথৰ ২০১৩ চনৰ জলপ্ৰলয়ৰ কথা আপোনালোকে নিশ্চয় জানে, মন্দাকিনী নদীৰ বানে ধংসলীলা সৃষ্টি কৰিছিল। কিন্তু কেদাৰনাথ মন্দিৰৰ একো অনিষ্ট কৰিব পৰা নাছিল কিয়নো বানৰ সময়ত এটা ডাঙৰ শিল (যাক পাছত ভীমশিলা নামেৰে নামাকৰন কৰা হয় ) মন্দিৰৰ ৫০ফুট দূৰত্বত থাকি বানৰ পানী ২ভাগত ভাগ কৰি মন্দিৰৰ দুই কাষেৰে বোৱাই দিছিল ।

Want your business to be the top-listed Beauty Salon in Golaghat?
Click here to claim your Sponsored Listing.

Website

Address

Golaghat