DrRainee's Healthy Way
I am Dr Rainee Devi ( Ayurvedic consultant) .My aim is to create awareness about herbs & ayurveda. Simple home remedies can show amazing health benefits.
Food should be our medicines but medicines should not be our food. Nature mother is a gift for us.
#আহিন_মাহত_কি_কি ৫বিধ সাধাৰণ খাদ্যই বহুত বেমাৰৰ পৰা বচাই ৰাখিব?জানিবলৈ Videoটো চাব আৰু share কৰিব 🙏৷ পেজটো follow কৰিবলৈ নাপাহৰিব
#কেচা_নহৰুৰ ৬টা আচৰিত উপকাৰিতা কি কি? নহৰুৰ সহজ ঘৰুৱা বিধান জানিবৰ বাবে video টো চাব আৰু পেজটো follow কৰিবলৈ নাপাহৰিব
√
#ভাদ_মাহত_৭বিধ_খাদ্যই_কি_কি_বেমাৰৰ_পৰা_বচাই জানিবলৈ video টো চাব আৰু share কৰিব
16/08/2026
#কুঁজী_থেকেৰাৰ_চমৎকাৰী_গুণ:- প্ৰাচীন কালৰে পৰা পৰম্পৰাগত অসমীয়া খাদ্যসম্ভাৰ আৰু থলুৱা চিকিৎসা পদ্ধতিত কেতবোৰ ঔষধি গুণসম্পন্ন থলুৱা দ্ৰব্যৰ ব্যৱহাৰ হৈ আহিছে । তাৰে ভিতৰত থেকেৰাও অন্যতম। বৰ থেকেৰা, কুজি থেকেৰা, ৰূপহী থেকেৰা আদি কেইবাপ্ৰকাৰৰ থেকেৰা আছে। ইয়াৰ ভিতৰত ঔষধি হিচাবে কুজি থেকেৰা সাধাৰণতে বেছিকৈ ব্যৱহাৰ হয় । ইয়াক সংৰক্ষণ কৰিবলৈও সহজ। অতীত কালত থেকেৰাৰ ব্যৱহাৰ বেছি আছিল যেন অনুমান হয় কাৰণ আমাৰ পূৰ্বপুৰুষসকলে থেকেৰা বিচাৰি আনি ৰ'দত শুকুৱাই ওৰে বছৰটোৰ বাবে সংৰক্ষণ কৰি ৰাখিছিল। সেই সংৰক্ষণ কৰি ৰখা থেকেৰাখিনি তেওঁলোকে বিভিন্ন ব্যঞ্জন বনাওতে আৰু কেতবোৰ ৰোগৰ চিকিৎসাত ঔষধি হিচাপে ব্যৱহাৰ কৰিছিল। থেকেৰা দিয়া মগু দাইল আৰু সৰু গুটি আলুৰ আঞ্জাখন, থেকেৰাৰে মাছৰ আঞ্জা, থেকেৰা দিয়া পদিনাৰ চাটনিখন অতি তৃপ্তিদায়ক, প্ৰতিজন অসমীয়াৰে প্রিয়। কাঁহুদি বা পানিটেঙা বনাওতে থেকেৰা অকণ লাগিবই। ইয়াৰ উপৰিও আমাৰ খিলঞ্জীয়া জনজাতিসকলৰ বিভিন্ন ঔষধি ব্যঞ্জনত থেকেৰা ব্যৱহাৰ হোৱা দেখা যায়। থেকেৰা যিমানে পুৰণি হয় তাৰ ঔষধি গুণাগুণো বেছি হয়। পুৰণি কুজি থেকেৰা বহু ৰোগৰ চিকিৎসাত ব্যৱহাৰ হয়। আমাৰ ককা আইতাহঁতে পথাৰৰ দিনত থেকেৰাৰ ' জুৰণি' খাইছিল। গুৰ আৰু থেকেৰাৰে বনোৱা চৰবত ( জুৰণি) খাই তেওঁলোকে গৰম দিনত হোৱা বিভিন্ন ৰোগৰ পৰা উপশম পাইছিল। আমাৰ পূৰ্বপুৰুষ সকলৰ পুথিগত জ্ঞানৰ ভঁৰালটো নিশকটীয়া আছিল ঠিকেই কিন্তু ব্যৱহাৰিক জ্ঞানৰ ক্ষেত্ৰত আছিল অতিকে বিশাল। প্ৰকৃতিপ্ৰদত্ত সামগ্ৰীবোৰৰ ব্যৱহাৰ সঠিকভাৱে জানিছিল। তেওঁলোকৰ উচ্চস্তৰীয় চিন্তা ভাৱনাত সংপৃক্ত হৈ আছিল বৈজ্ঞানিক দৃষ্টিভংগী। এনে অনুমান হয় তেওঁলোক যেন একো একোজন গৱেষকহে। কোনটো বস্তু কিমান পৰিমাণত খাব লাগে, কি উপায়েৰে সামগ্ৰীবোৰ সংৰক্ষণ কৰি ৰাখিব পাৰি, কোন ঋতুত কি খাব লাগে বা নালাগে এই সকলোবোৰ পুংখানুপুংখভাবে জানিছিল। অভিজ্ঞতাপুষ্ট আমাৰ পূৰ্বপুৰুষ সকলৰ পৰাই আমি থেকেৰাৰ দৰে বহুতো খাদ্য সামগ্ৰী সংৰক্ষণ আৰু প্ৰায়োগিক ব্যৱহাৰৰ কথা শিকিবলৈ পাইছো। কুজি থেকেৰা গছৰ ফলবোৰ জেঠ আহাৰ মহীয়া পুৰঠ হয়। এই পকা ফলবোৰ পাৰি আনি তাৰ ভিতৰৰ গুটিবোৰ উলিয়াই লৈ ওপৰৰ বাকলি বোৰ ভালকৈ ধুই লব লাগে। আঠাজাতীয় পদাৰ্থ থকাৰ বাবে অলপ সময় পানীত তিয়াই ৰাখিব লাগে তাৰ পিছত সৰু সৰুকৈ কাটি বাঁহৰ চালনী বা খৰাহীত মেলি লৈ চোকা ৰ'দত শুকুৱাব লাগে কিছুদিন । তাৰ পিছত শুকান থেকেৰা খিনি আইনা বা চিচাৰ বটলত ভৰাই ৰাখিব লাগে। এনেদৰে থলে বহুত বছৰলৈ সেইখিনি থেকেৰা ব্যৱহাৰ কৰিব পাৰি। প্ৰাচীন আয়ুৰ্বেদ চিকিৎসাত কুজি থেকেৰা গ্ৰহণী আদি পেটৰ ৰোগত ব্যৱহাৰ হৈ আহিছে।পৃথিৱীৰ বিভিন্ন দেশৰ বিভিন্ন ব্যঞ্জনত থেকেৰা ব্যৱহাৰ হয় । প্ৰধানকৈ টেঙা ব্যঞ্জন বনাওতে ইয়াৰ ব্যৱহাৰ হয়। সকলোৰে পৰিচিত কুজি থেকেৰাই কিদৰে স্বাস্থ্য ৰক্ষা আৰু বিভিন্ন ৰোগ নিৰাময় কৰে তাৰ বিষয়ে থুলমূলকৈ উল্লেখ কৰা হৈছে:-
☘️☘️ পুৰণি সঞ্চিত গ্ৰহণীত বা ক্ৰনিক ডিচেন্টেৰী , কৌষ্ঠকাঠিন্য , পেট কামোৰণি আদি পেটৰ যিকোনো সমস্যাত কুজি থেকেৰা বৰ উপকাৰী। ইয়াৰ বাবে দুই এচকল থেকেৰা এগিলাচ পানীত অকণমান তালমিছিৰি দি এৰাতি তিয়াই থব লাগে। পুৱা খালিপেটত চেকনিৰে চেকি লৈ সেইখিনি খাব লাগে । কিছুদিন এনেকৈ খালে পেটৰ ৰোগ নিৰাময় হয়।
☘️☘️ প্ৰসাৱ জ্বলা পোৰা কৰা, সঘনাই প্ৰসাৱ হোৱা বা প্ৰসাৱৰ সংক্ৰমণজনীত ৰোগত পুৰণি কুজি থেকেৰা মহৌষধ । দুই তিনি ফুটা পুৰণি থেকেৰা এগিলাচ পানীত তালমিছিৰি দি এৰাতি তিয়াই পিছদিনা খালিপেটত কেইদিনমান চৰবত হিচাবে সেৱন কৰিলে পেচাবৰ যিকোনো সমস্যা সমাধান হয়।
☘️☘️ মেদবহুলতা, কলেষ্টৰল সমস্যাতো কুজি থেকেৰা উপকাৰী। নিয়মিত ভাৱে থেকেৰা চৰবত সেৱন কৰিলে দেহৰ অতিৰিক্ত চৰ্বি কমি যায়। ওজন নিয়ন্ত্ৰণ কৰিব বিচৰা লোকে নিয়মিতভাৱে থেকেৰা চৰবত সেৱন কৰিব পাৰে।
☘️☘️ উচ্চ ৰক্তচাপত কুজি থেকেৰা উপকাৰী। উচ্চ ৰক্তচাপ ৰোগীয়ে মাজে মাজে থেকেৰা চৰবত সেৱন কৰা উচিত। ইয়াৰোপৰি দাইল বা অন্য আঞ্জাৰ লগত দুই এফুটা থেকেৰা দি সেৱন কৰিলেও উপকৃত হব।
☘️☘️ এন্টিঅক্সিডেন্টযুক্ত কুজি থেকেৰাই ফ্ৰি ৰেদিকেলৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা আমাৰ শৰীৰক ৰক্ষা কৰে। ইয়াত থকা ভিটামিন চি এ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
☘️☘️ ডায়েবেটিচ ৰোগীয়েও মাজে সময়ে থেকেৰা দিয়া ব্যঞ্জন সেৱন কৰি থাকিব পাৰে। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু অন্য এন্টিঅক্সিডেন্ট আছে যি শৰীৰৰ বাবে উপকাৰী।
☘️☘️ ফেতি লিভাৰ সমস্যাতো থেকেৰা খুব উপকাৰী। পুৱা খালি পেটত থেকেৰাৰ চৰবত সেৱন কৰিলে বহু উপকৃত হ'ব।
☘️☘️ প্ৰচুৰ পৰিমাণে ভিটামিন চি থকাৰ বাবে দাঁতৰ সুস্বাস্থ্যৰ বাবে উপকাৰী।
☘️☘️ শৰীৰৰ জমা হোৱা অপকাৰী টকচিন্স বা অলাগতিয়াল বৰ্জিত পদাৰ্থ নিষ্কাশন কৰি শৰীৰ শোধন কৰে থেকেৰাৰ চৰবতে। শালমন, ব্ৰন আদি বিভিন্ন ছালৰ সমস্যা থকা লোকে মাজে মাজে থেকেৰা চৰবত সেৱন কৰিলে সুফল পাব।
🍀🍀🍀 আমাৰ খাদ্যত প্ৰধানকৈ মিঠা, টেঙা, নিমখীয়া, তিতা, জ্বলা, কেঁহা আদি ছটা ৰস থাকে। প্ৰতিটো ৰসৰে নিজস্ব ঔষধি গুণাগুণ আছে। সেয়েহে আমাৰ থলুৱা খাদ্যসম্ভাৰত প্ৰতিটো ৰসৰ বিবিধ ব্যঞ্জন আছে যিবোৰে আমাৰ শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰি আমাক নিৰোগী কৰি ৰাখে। থলুৱা খাদ্যসম্ভাৰত থেকেৰা টেঙাৰ দৰে ঔষধি গুণসমৃদ্ধ থলুৱা গৌণ ফলৰ অন্তৰ্ভুক্তিয়ে আমাৰ খাদ্যসম্ভাৰ চহকী কৰি তুলিছে।
#ডাঃ ৰেইনী দেৱী ( আয়ুৰ্বেদিক চিকিৎসক)
BAMS ( GU)
গুৱাহাটী, ফোন - 7399114617
Devi
13/07/2026
#স্মৰণীয়_দিন : কালি গুৱাহাটী প্ৰেচ ক্নাবত ’নিৰাময় ন্যাস’ৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠানত উন্মোচন হোৱা ’ নিৰাময় স্বাস্থ্য’ মুখপত্ৰখনত মোৰ এটি লিখনি ’ টোপনি খতিও হ’ব পাৰে ৰোগৰ কাৰণ’ প্ৰকাশ হৈছে৷ অনুষ্ঠানটিত নেমকেয়াৰ হস্পিতেলৰ ডাঃ হিতেশ বৰুৱাকে ধৰি বহু কেইজন চিকিৎসক উপস্থিত আছিল৷ ইমান কেইজন গণ্য-মান্য ব্যক্তিৰ বহুমূলীয়া বক্তৃতাৰ মাজতে মোকো দুআষাৰমান ক’বলৈ সুযোগ দিয়াত নথৈ আনন্দিত হৈছো | নিৰাময় গোটে ৰক্তদান,দেহদান, বিনামূলীয়া চিকিৎসা সেৱা আদি সমাজ হিতকৰ কাম কৰি আহিছে৷ অনুষ্ঠানটোৰ সমুহ কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ জনালো মোক এইখিনি সন্মান দিয়া বাবে৷
আহাৰ মাহত ৬ বিধ খাদ্যই কেনেকৈ নিৰোগী কৰি ৰাখিব জানিবলৈ video টো চাব আৰু ভাল লাগিলে share কৰিব 🙏
আমি খাই থকা কোন ২বিধ টেঙাই ৮টা বেমাৰৰ পৰা বচাই ৰাখে?? জানিবলৈ video টো চাব আৰু share কৰিব 🙏🙏
#কেঁচা_আম
#কেঁচা_আমৰ_৮টা_আচৰিত_স্বাস্থ্য_উপকাৰিতাৰ কথা জানেনে? Video টো চালে সকলো জানিব। পেজটো follow কৰিবলৈ নাপাহৰিব। Share কৰিব ৰাইজৰ বাবে 🙏🙏
#কেঁচা_আম
অসমৰ ২বিধ থলুৱা টেঙাই ৮টা ৰোগ প্ৰতিৰোধ কৰে!! এই টেঙা দুবিধ কি কি আৰু কি কি বেমাৰ প্ৰতিৰোধ কৰে?? Video টো চালে সকলো গম পাব। Share কৰিব সকলোৰে বাবে। পেজটো follow কৰিবলৈ নাপাহৰিব 🙏🙏
#থেকেৰা #কেঁচা_আম
#চ'ত #মাহত_বেমাৰৰ_পৰা_কেনেকৈ_বচাই_ৰাখে_৬বিধ_খাদ্যইজানিবলৈ video টো চাব আৰু share কৰিব 🙏। পেজটো follow কৰিবলৈ নাপাহৰিব
゚viralfollowersシ゚ #তিতাফুলৰ_ঔষধি_গুণ #ডাঃ
Category
Contact the business
Telephone
Website
Address
781028
Alerts
Be the first to know and let us send you an email when DrRainee's Healthy Way posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.