Be Beautiful Inside & Out with Aromatherapy
Aromatherapy
31/08/2022
এৰ'মাথেৰাপীয়ে আমাৰ ইয়াত ইমান প্ৰসাৰ লাভ কৰা নাই যদিও বাহিৰত ই এক অতি জনপ্ৰিয় পদ্ধতি।কিয়নো এৰ'মাথেৰাপীত মূলতঃ সুগন্ধিত তেলৰ দ্বাৰা সৌন্দৰ্য্য চৰ্চা কৰা হয় আৰু ধুনীয়া সুগন্ধি আমি প্ৰায় সকলোৱে ভাল পাওঁ।ধুনীয়া সুগন্ধিয়ে ছাল আৰু চুলিৰ লগতে মনটোও উৎফুল্লিত তথা সুন্দৰ কৰি তোলে।
এৰ'মাথেৰাপীৰ সহায়ত কেৱল সৌন্দৰ্য্য চৰ্চাই নহয়,শাৰীৰিক,মানসিক,আধ্যাত্মিক আদি সকলো পৰিচয্যা কৰা হয়।আজি এটা অতিকৈ জনপ্ৰিয় এচেন্চিয়েল অইলৰ বিষয়ে লিখিবলৈ চেষ্টা কৰিছো আৰু সেইটো হৈছে লেভেণ্ডাৰ অইল।
ই হৈছে এৰ'মাথেৰাপিত ব্যৱহৃত অন্যতম multifunctional oil।
লাভাণ্ডুলা এংগুষ্টিফ’লিয়া উদ্ভিদৰ পৰা ডিষ্টিল কৰি এই তেলে আহৰণ কৰা হয়। ই উদ্বেগ, হতাশা, অনিদ্ৰা ইত্যাদি দূৰ কৰাৰ লগতে একজিমা,ভেঁকুৰৰ সংক্ৰমণ,এলাৰ্জী,বমি ইত্যাদি শাৰীৰিক অসুবিধা দূৰ কৰাত ও সহায় কৰে।
প্ৰাচীন কালৰ পৰাই লেভেণ্ডাৰ অইল ছাল আৰু চুলিত ব্যৱহাৰ কৰি অহা হৈছে আৰু বিষ কমাবৰ বাবে ইয়াক ঔষধত ও অন্তৰ্ভুক্ত কৰা হৈছে। ঔষধি ক্ষেত্ৰত লেভেণ্ডাৰ অইলে পেশীৰ স্পাম দূৰ কৰে, মাহেকীয়াৰ ক্ৰেম্পৰ চিকিৎসা কৰে বুলি বিশ্বাস কৰা হয়।
এই তেলে ছালখন মইশ্ব’ৰাইজ কৰি সোনকালে ৰি্ঙ্কল পৰাত বাধা দিয়ে। লেভেণ্ডাৰ এচেন্চিয়েল অইলে ছালৰ হেৰুৱা ৰং ঘূৰাই অনাত সহায় কৰে আৰু বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো লেহেমীয়া কৰিব পাৰে। ইয়াৰ শক্তিশালী এন্টি অক্সিডেটিভ গুণে ছালৰ ৰূপ আৰু সৌন্দৰ্য বৃদ্ধি কৰে।
চুলিৰ যত্নৰ বাবে লেভেণ্ডাৰ এচেন্সিয়েল অইল বৰ উপকাৰী।
লেভেণ্ডাৰ তেলে চুলিৰ বৃদ্ধিত সহায় কৰে আৰু চুলি সৰা ৰোধ কৰে। ইয়াত এন্টি-মাইক্ৰ’বিয়াল গুণ থাকে যিয়ে চুলিত ভেঁকুৰ বা বেক্টেৰিয়া গঠন হ’বলৈ নিদিয়ে,সেয়েহে উফিৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে। ই মূৰৰ ছালখনক কোমল কৰে আৰু ইয়াক সুস্থ আৰু পুষ্টিকৰ কৰি ৰাখে লগতে খজুৱতি ৰোধ কৰে।
লেভেণ্ডাৰ তেলে শুকান চুলিকো চিকচিকিয়া আৰু মসৃণ কৰি তুলিব পাৰে।এই তেলৰ চেবাম উৎপাদন নিয়ন্ত্ৰণ কৰাৰ ক্ষমতাই চুলিক অত্যধিক তেলীয়া আৰু আঠাযুক্ত হোৱাৰ পৰা ৰক্ষা কৰে। চুলিৰ গুৰিক পুষ্টি যোগাবলৈ আৰু কণ্ডিচন কৰিবলৈ লেভেণ্ডাৰ এচেন্চিয়েল তেল নাৰিকল তেলৰ লগত মিহলাই ব্যৱহাৰ কৰিব পাৰি।
ই আনকি মূৰৰ ছালৰ টোনাৰ হিচাপেও কাম কৰে আৰু পৰিৱেশ প্ৰদূষণ বা অতিমাত্ৰা বতাহৰ বতৰত হোৱা ক্ষতিৰ পৰা মূৰৰ ছালখন আৰু চুলিখিনিক ৰক্ষা কৰে।
14/08/2022
"এৰ'মাথেৰাপীৰ দ্বাৰা সৌন্দৰ্য্য চৰ্চা"---
এৰ'মাথেৰাপীৰ সহায়ত শাৰীৰিক,মানসিক, আধ্যাত্মিক আদি সকলো পৰিচর্চা কৰা হয় যদিও বৰ্তমান ই সৌন্দৰ্য্য চৰ্চাৰ জগতখনত খুউব জনপ্ৰিয়।এৰ'মাথেৰাপী আৰু এচেন্চিয়েল অইল(Essential oil) এটা মুদ্ৰাৰে ইপিঠি সিপিঠিৰ দৰে।এই তেল সমূহ মূলতঃ বিভিন্ন ধৰণৰ ফুলৰ পৰা আহৰণ কৰা হয় যদিও কিছুমান তেল ফলমূল,শাকপাচলি,গছৰ পাত-বাকলি ইত্যাদিৰ পৰাও আহৰণ কৰা হয়।
কিন্তু এই তেল মুখত প্ৰয়োগ কৰাৰ আগতে কিছু কথা সদায় মনত ৰখা দৰকাৰ
১--সদায় খুউৱ ভাল ব্ৰেণ্ডৰ এচেন্চিয়েল অইলহে মুখত ব্যৱহাৰ কৰিব লাগে। সেয়েহে অনলাইনত কিনাতকৈ নিজে ষ্ট'ৰত গৈ ভালকৈ চাইছিটি কিনা বেছি ভাল।
২--এচেন্চিয়েল অইল অকলে মুখত সানিব নালাগে,সাধাৰণতে কেৰিয়াৰ অইলৰ(carrier oil)লগত মিক্স কৰিহে লগাব লাগে। নাৰিকল তেল,আলমণ্ড অইল বা অলিভ অইল ঘৰতে পাব পৰা ভাল কেৰিয়াৰ অইল।
৩--এচেন্চিয়েল অইল মুখত সানি ৰ'দত ওলাব নালাগে।সেয়েহে গধূলি সময়ত এৰ'মাথেৰাপীৰ দ্বাৰা সৌন্দৰ্য্য চৰ্চা কৰাৰ বাবে বেছি ভাল সময়।
এচেন্চিয়েল অইল এবাৰতে বেছিকৈ সানিব নালাগে,২/৩ টোপেই যথেষ্ঠ যিহেতু এই তেল সমূহৰ ঘনত্ব বহুত বেছি (highly concentrated).
★গা ধোৱা পানীত কেইটোপালমান Lavender oil মিলাই গা ধুলে দেহ মন সতেজ লাগে।
★শালমন থাকিলে Tea tree oil বা Peppermint oil ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।
★স্কিনখন টাইত কৰি ৰাখিবলৈ হলে কেৰিয়াৰ অইলত ২/৩ টোপ Lemon oil বা Rosemary oil মিহলি কৰি মুখৰ তলৰ পৰা ওপৰলৈ মাছাজ কৰিব লাগে।
★চানবাৰ্ন হলে কেৰিয়াৰ অইলৰ লগত Chamomile oil বা Teatree oil মিহলি কৰি সানিব লাগে।
★ছালখন চাফা কৰিবলৈ গাখীৰত Sweet Orange oil বা Grapefruit oil ২/৩ টোপ দি কপাহেদি মুখখন চাফা কৰিব পাৰি। Rose oil ক স্কিন ট'নাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি।
মুখখন চাফা কৰাৰ পিছত এল'ভেৰা জেলত ২/৩ টোপ Patchouli oil বা Sandalwood oil দি খুউব ভালদৰে মুখত মাছাজ কৰিলে স্কিনখন মিহি হোৱাৰ লগতে ধুনীয়া সুগন্ধিয়ে মনৰ ভিতৰখনও সুন্দৰ কৰি তোলে। অৰ্থাৎ এৰ'মাথেৰাপীয়ে বাহ্যিক আৰু আভ্যন্তৰীণ দুয়ো ধৰণৰ সৌন্দৰ্য্যৰ উত্তৰণত সহায় কৰে।
14/08/2022
#এৰমাথেৰাপী
এৰ'মাথেৰাপীৰ বিষয়ে শিকি চাৰ্টিফিকেট লোৱা প্ৰায় তিনিবছৰমানেই হল যদিও একো লিখা হোৱা নাছিল। কিন্তু এতিয়া পেজটো খুলিছো যেতিয়া অলপ হলেও কামত আহিব বুলি ভাবি লিখিলোঁ।
এৰ'মাথেৰাপী(Aromatherapy) অৰ্থাৎ সুগন্ধিৰ দ্বাৰা আৰোগ্যম পদ্ধতি।ইয়াৰ দ্বাৰা মূলত সৌন্দৰ্য চর্চা কৰা হয় যদিও শাৰীৰিক,মানসিক,আধ্যাত্মিক বিকাশৰ বাবেও ইয়াক ব্যৱহাৰ কৰা হয়। ইয়াৰ উৎপত্তি হৈছিল প্ৰথম ইজিপ্তত প্ৰায় 5000 বছৰ আগতে,কিন্তু পিছলৈ ভাৰত আৰু চীনতও ইয়াৰ ব্যৱহাৰ হবলৈ ধৰে। অৱশ্যে ফ্ৰান্স বৰ্তমান এই ক্ষেত্ৰত প্ৰথম স্থানত আছে।
এৰ'মাথেৰাপীৰ অন্য এক পৰিচয় এচেন্সচিয়েল অইল(Essential oil) বুলিবও পাৰি। গোটেই দিনটোৰ কৰ্ম ব্যস্ততাৰ পিছত ভাগৰুৱা দেহ মন সতেজ কৰিবলৈ এৰ'মাথেৰাপী অনন্য। লগতে চিন্তা,হতাশা, মানসিক চাপ,নিদ্ৰাহীনতাৰ দৰে সমস্যা সমাধান কৰাত ই বহুত সহায় কৰে।(অৱশ্যে ইয়াক এঘণ্টাতকৈ বেছি দেৰি ব্যৱহাৰ কৰিব নালাগে।)
ইয়াৰ বাবে লাগিব ফটোত দিয়াৰ দৰে(বেলেগ বেলেগ ডিজাইনৰও পায়)-
1 এটা এ'ৰমা দিফিউজাৰ(Aroma diffuser)
2 লেভেণ্ডাৰ এচেন্সচিয়েল অইল(Levendar essential oil)
3 টি লাইট কেণ্ডেল(Tea light candle)
ওপৰৰ পটটোত অলপ পানী দি কেইটোপমান লেভেণ্ডাৰৰ তেল দিয়ক। এতিয়া তলৰ ঘৰটোত মমডাল জ্বলাই দিয়ক। গৰম পোৱাৰ লগে লগে সুগন্ধি মিহলিত পানীখিনি ভাপ হৈ উৰিব আৰু বতাহত গোন্ধতো বিয়পি পৰিব।
*লেভেণ্ডাৰ অইল এচেন্সচিয়েল অইল সমুহৰ ভিতৰত কহিনুৰৰ দৰে। এই তেলৰ উপকাৰীতা সকলোতকৈ বেছি।ইয়াৰ সুগন্ধিয়ে দেহ মনৰ ভাগৰ দূৰ কৰাৰ লগতে মনৰ দুঃচিন্তা দূৰ কৰে, ৰাতি ভাল টোপনি অহাত সহায় কৰিব।
*এনেদৰে চিত্ৰনলা তেল (citronella oil) দি জ্বলালে ঘৰৰ মহ মাখি আদি কমে।
*অৰেঞ্জ তেল(Orange oil) ব্যৱহাৰ কৰিলে দেহ মনলৈ সতেজতা অনাৰ লগতে ঘৰলৈও সতেজ ভাৱ আনে।
*লেমন তেলৰ(Lemon oil) প্ৰয়োজনীয়তা এই সময়ত সকলোতকৈ বেছি।কিয়নো এই তেলে বতাহত থকা ভাইৰাছক মৰাত সহায় কৰি ঘৰৰ ভিতৰৰ বাতাবৰণ শুদ্ধ কৰি তোলে।
আৰু বহুতো উপকাৰীতা আছে,পিছত কেতিয়াবা আকৌ লিখিম বাৰু।
Click here to claim your Sponsored Listing.
Category
Telephone
Website
Address
Guwahati