Xonu Kuldip

Xonu Kuldip

Share

Ex উপ-সভাপতি ‌তিনিচুকীয়া মহাবিদ্যালয় (আছু গোট)
তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ
সদস্য
সদৌ অসম ছাত্ৰ সন্থা(AASU)❤️✊

Photos from Xonu Kuldip's post 29/12/2025

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৭৮ তম প্ৰতিষ্ঠা দিৱসৰ লখিমপুৰ জিলা চাহ জনজাতি ছাত্ৰ সন্থাৰ আতিথ্যত আৰু ৰাইজৰ সহযোগত যোৱা কালি লখিমপুৰ চকুলীভৰীয়াৰ খেলপথাৰত আটকধুনীয়া অনুষ্ঠান ত উপস্থিত হৈ নিজকে সুভাগ্য অনুভৱ কৰোঁ লগতে প্ৰতিষ্ঠা দিৱসৰ কার্যসূচীত উপস্থিত থাকি এই বিশেষ দিনটোত আটছাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিক প্ৰতিষ্ঠা দিৱসৰ শ্ৰদ্ধাৰে শুভকামনা জ্ঞাপন কৰিলোঁ লগতে যিসকল ব্যক্তিৰ ত্যাগ আৰু কষ্টৰ বলত অসম চাহ জনজাতি ছাত্ৰ সন্থাই আজিৰ এই পৰ্যায়তলৈকে আগ বাঢ়ি গ'ল তাৰ বাবে তেওঁলোক সকলোৰে ত্যাগক স্মৰণ কৰোঁ।

Photos from Xonu Kuldip's post 11/12/2025

আমাৰ তিনিচুকীয়া গেলাপুখুৰী চাহ বাগিচাৰ আৰু ধেলাখাটৰো সোমবাৰৰে ২২ জন শ্ৰমিকে ভিতৰত এজন কৰ্ম কৰিব যোৱাৰ সময়ত
অৰুণাচল প্ৰদেশৰ হাইলংত - চাকলাগাম পথৰ মেটেলিয়াঙত পাহাৰৰ পৰা ট্ৰাক বাগৰি পৰি এক আকস্মিক ঘটনাত পতিত হয় মৃত্যুক আঁকোৱালি লয়।
তেখেতসকলৰ বিদেহী আত্মাৰ সদগতিৰ কামনা কৰি , শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।
নিহত লোকসকলৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গৰ দুখৰ সমভাগী হৈছোঁ। ভগৱানে পৰিয়ালবৰ্গ সমূহলৈ শক্তি দিয়ে যেন।

ওঁম শান্তি!🙏

29/11/2025

চাহ বাগিচা বন্ধ কৰাই আমাৰ শ্ৰমিক খুৰা-খুৰিসকলক কিয় হাৰাশাস্তি কৰাই আছে। আমি সেইদিনাখন ফুৰ্তি কৰিম,

যিদিনা অনুসূচীকৰণ অৰ্থাৎ ST মৰ্যদা দিয়া হ'ব আৰু দাগ নং সহকাৰে নিজৰ

নামত মাটিৰ কাগজ বা পট্টা পাম আৰু মজুৰি বৃদ্ধি কৰা হ'ব ।
ললিপব পায় ফুৰ্তি নকৰিব

Photos from Xonu Kuldip's post 19/11/2025

মানুহৰ সুখবোৰ বাৰু ক'ত আছে ? নিজৰ নীৰৱ আকাশখনত নে অচিনাকী মানুহৰ সেই ব্যস্ততাপূৰ্ণ নদীখনত ? য'ত মাথোঁ উতি ভাহি অহা এখন নাওঁ , যাৰ কোনো নাৱৰীয়া নাই । শেৱালীয়ে যদি ভাৱে , তাৰ সুবাস সেই শৰতৰ নিয়ৰত হে কেৱল বুলি ....... জীৱনৰ বতাহজাক কেতিয়ালৈকে বলিব নাজানো , মাত্ৰ এদিন নিশ্চয় সেই বাস্তৱৰ সাগৰত নিজক বিচাৰি পাম য'ত সপোনৰ নদীখনে নিজৰ অস্তিত্ব হেৰুৱাব ।

10/11/2025

ৰাইজক কোনো বস্তু বিনামূলীয়াকৈ দিব নেলাগে । কেৱল শিক্ষা, চিকিৎসা আৰু ন্যায় বিনামূলীয়াকৈ পোৱা উচিত ।
বিনামূলীয়াই মানুহক অকৰ্মন্য কৰে আৰু দেশক দুৰ্বল বনাই ।
ইয়াৰ বিপৰীতে কাম কৰিবলৈ যোগান দিয়ক মানুহবোৰক আত্মনিৰ্ভৰশীল কৰিবলৈ ব্যৱস্থা কৰক চৰকাৰে ইয়াতকৈ মহান কাম আৰু একো নাই ।

Photos from Xonu Kuldip's post 28/10/2025

প্ৰতি বছৰে কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত ষট পূজা উলহ-মালহেৰে আয়োজন কৰা হয়। সূৰ্য্য দেৱতাক শান্তি আৰু মংগলৰ অৰ্থে অৰ্ঘ্য প্ৰদান কৰা হয় আৰু মোৰ লগৰ এজনে নিমন্ত্ৰণ জনোৱাৰ বাবে ভগৱানক সেৱা আগবঢ়ায় পাৰোঁ ।
আজি ষট পূজাৰ এই পৱিত্ৰ ক্ষণত পৰমপিতা পৰমেশ্বৰৰ চৰণত নিজৰ পৰিয়ালৰ আৰু বন্ধু-বান্ধৱী মংগল কামনাৰে প্রার্থনা জনোৱাৰ লগতে সকলোকে ষট পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। 🙏

19/10/2025

ওপজা দিনৰ বহুত বহুত শুভেচ্ছা যাছিলো খগেন দা 🎂❤️🥳। আহিবলগীয়া দিনত আপোনাৰ জীৱনটো প্ৰতিটো ক্ষেত্ৰত আগবঢ়াই নিবলৈ ভগৱানে আপোনাৰ শক্তি দিয়ক তাৰে কামনা কৰিলো।
Khagen Hazarika

Photos from Xonu Kuldip's post 19/10/2025

অসম চাহ জনজাতি ছাত্ৰ সন্থা(আট্‌ছা) কেন্দ্ৰীয় সমিতিৰ নৱ-নিৰ্বাচিত সভাপতি শ্ৰদ্ধাৰ জগদীশ বৰাইক ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক শ্ৰদ্ধাৰ সুনিল তিৰ্কী ডাঙৰীয়ালৈ আৰু নতুনকৈ নিৰ্বাচিত সমূহ বিষয়ববীয়াসকল সংগ্ৰামী অভিনন্দন ও আন্তৰিক শুভেচ্ছা জনালোঁ আৰু আহিব লগীয়া দিনত আপোনালোকৰ প্ৰতিটো চিন্তা, পৰিকল্পনা নিখুঁত ভাবে সমাজৰ কাম আগবঢ়াই নিবলৈ ভগৱানে আপোনাৰ শক্তি দিয়ক তাৰে কামনা কৰিলো।
Jagdish Baraik
Sunil Tirkey

16/10/2025

আমাক ন্যায় লাগে

ঝুমুইৰ বিনন্দীয়া প্ৰশংসা পত্ৰ অনুষ্ঠানত অকল এজনীয়ে আৰু দুই-তিনিটা মানে প্ৰধান সমস্যাত সুন্দৰ মন্তব্য আগবঢ়ায়ছে এজনী সাহসী যুৱকতী আৰু যেতিয়ালৈকে জনজাতিকৰণ , মজুৰি বৃদ্ধি কৰা , মাটিৰ পটা আৰু জুবিন দাদাৰ ন্যায় প্ৰদান নকৰে তেতিয়ালৈকে আমাৰ সমাজ খন বহুত সমস্যা সন্মূখীন হৈ আছে । যি আমাৰ সংস্কৃতি ঝুমুৰ বিশ্ব ৰেকৰ্ড গঢ়িম বুলি ভুৱা প্ৰচাৰ চলালে আৰু বেছি নকও এখন চৰকাৰৰ ওপৰত বিশ্বাস আছে ২০২৬ অৰ আগতে যাতে আমাৰ সমস্যা সমূহ সমাধান কৰে এইটো আমাৰ দাবী ।
ধন্যবাদ

12/10/2025

সুদূৰ ঝাৰখণ্ডৰ আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অৰ্জুন লাকৰা আৰু তেখেত মোৰো এজন প্ৰিয় শিল্পী। যোৱাকালি লগত লগ পায় বহুত আনন্দীত হ'লো আৰু বহুতো ধৰণৰ কথা পাতো আৰু ভগৱানে তেওঁক আৰু ওপৰত লৈ যায় তাৰে কামনা কৰিছোঁ।

Photos from Xonu Kuldip's post 09/10/2025

কিছুমান দৃশ্য যোৱা কালি বিশাল প্ৰতিবাদী সমদল তিনিচুকীয়া। আদিবাসী আৰু চাহ জনজাতি বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ কাৰ্যসূচীত ৩লাখতকৈ অধিক মানুহৰ সমাগম ঘটে
আমাৰ দাবী জনজাতিকৰন কাৰণ এইটো আমাৰ জন্মগত অধিকাৰ , মজুৰি বৃদ্ধি কৰা , ভূমি মাটি পটা প্ৰদান কৰা আৰু এই দাবী আমাক দিববৈ লাগিব।

জয়তু অসমীয়া সমূহ আদিবাসী ছাত্ৰ সংগঠন
জয় আই অসম ✊❤️


Assam, India

08/10/2025

বিশাল প্ৰতিবাদী সমদল তিনিচুকীয়া। আদিবাসী আৰু চাহ জনজাতি বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ কাৰ্যসূচীত ৩লাখতকৈ অধিক মানুহৰ সমাগম ঘটে
আমাৰ দাবী জনজাতিকৰন কাৰণ এইটো আমাৰ জন্মগত অধিকাৰ , মজুৰি বৃদ্ধি কৰা , ভূমি মাটি পটা প্ৰদান কৰা আৰু এই দাবী আমাক দিববৈ লাগিব।
জয়তু অসমীয়া সমূহ আদিবাসী ছাত্ৰ সংগঠন
জয় আই অসম ✊❤️

Want your business to be the top-listed Beauty Salon in Guwahati?
Click here to claim your Sponsored Listing.

Website

Address

Guwahati