News Assam9

News Assam9

Share

News Assam9

30/06/2026

বাৰেডলা অঞ্চলৰ প্ৰায় ৩০০ পৰিয়াল বিগত বহু বছৰৰ পৰা জড়িত হৈ আছে বাহ শিল্পৰ লগত । মূৰ্গীৰ পোৱালি কড়িওৱা খাছা নিৰ্মানত জড়িত হৈ আছিল প্ৰায় তিনিশতকৈও অধিক পৰিয়াল । শেহতীয়াভাৱে আমেৰিকা ,জাপান আদি দেশৰ লোকো আহি বাঁহৰ পৰা যে বহু সামগ্ৰী নিৰ্মান কৰিব পাৰি তাৰেও প্ৰশিক্ষণ দি যায় বাৰেডলা ৰাইজক ।

29/06/2026

ভাঙি পৰিছে ৰাষ্ট্ৰৰ শৈক্ষিক ব্যৱস্থা। নীট পৰীক্ষাৰ পেপাৰ লিক হোৱাৰ পিছত ৰাষ্ট্ৰ জুৰি chhatron ki Goonj শীৰ্ষক এক সংবাদ মেলৰ জড়িয়তে প্ৰতিবাদ অব্যাহত ৰাখিছে কংগ্ৰেছ দলে। আজি কামৰূপ জিলা কংগ্ৰেছে বাইহাটা চাৰিআলি প্ৰেছ ক্লাবত এখনি সংবাদমেল সম্বোধন কৰে।

29/06/2026

বাইহাটা চাৰিআলিৰ সমীপবৰ্তী পুঠিমাৰীৰ মৌ কুছি গাঁৱৰ এজন সামাজিক ব্যক্তি নাম ড°অতুল ডেকা । সুদীৰ্ঘ কাল ধৰি বিভিন্ন সামাজিক কামত জড়িত হৈ থকাৰ বাবেই ভাৰ্চৱেল ইউনিভাৰ্ছিটিয় অতুল ডেকাক ডক্তৰেট উপাধি প্ৰদান কৰিছিল ।

29/06/2026

বাইহাটা চাৰিআলিত গৰু ভৰ্তি ট্ৰাক জব্দ।ৰাষ্ট্রীয় বজৰং দলে গৰু ভৰ্তি ট্ৰাকখন জব্দ কৰি বাইহাটা চাৰিআলি আৰক্ষীক গতাই দিয়ে।

28/06/2026

কামৰূপ জিলাত ৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধক দিৱস (National Immunization Day) উপলক্ষে তিনিদিনীয়া পলিঅ’ প্ৰতিষেধক অভিযান আজি আৰম্ভ হৈছে।অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য) মনিকা বৰগোহাঁইও উপস্থিত থাকে।
জিলা স্বাস্থ্য বিভাগে সদৰী অনুসৰি, ২৮ জুনৰ পৰা ৩০ জুনলৈ চলিবলগীয়া এই অভিযানত ০ ৰ পৰা ৫ বছৰৰ বয়সৰ প্ৰায় ১,৯৯,৬৩৭ গৰাকী শিশুক মুখেৰে প্ৰদান কৰা পলিঅ’ প্ৰতিষেধক (OPV) দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
দেশক পলিঅ’মুক্ত আৰু অক্ষুণ্ণ ৰখাৰ উদ্দেশ্যে এই অভিযান গ্ৰহণ কৰা হৈছে।

28/06/2026

বিষাক্ত দ্ৰব্য মিহলি পানী খাই আক্ৰান্ত দুগৰাকী ব্যক্তি।ইয়াৰে ৰমজান আলী ঘটনাস্থলীতে মৃত্যু হয়। ইয়াৰ বিপৰীতে ইছমাইল চৌধুৰী নামৰ ব্যক্তিগৰাকী গুৰুতৰভাৱে আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।পোক পৰুৱা নিয়ন্ত্ৰণ কৰাৰ বাবে ব্যৱহাৰ কৰা কোনো বিষাক্ত দ্ৰব্য ভুলবশতঃ সেৱন কৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ।

27/06/2026

বাইহাটা চাৰিআলি আৰক্ষী থানাৰ উপ-পৰিদৰ্শক প্ৰাণকৃষ্ণ ৰাভাক ৰিজাৰ্ভ ক্ল'জ।137/26 নম্বৰত ৰুজু হোৱা এটি হত্যাৰ গোচৰৰ প্ৰসংগকলৈ ৰিজাৰ্ভ ক্ল'জ আৰক্ষী বিষয়া গৰাকীক।এটি হত্যাকাণ্ডৰ ঘটণাক আত্মহত্যাৰ ৰূপ দিয়াৰ অপচেষ্টাত লিপ্ত হোৱাৰ অভিযোগ উঠিছিল আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে।

27/06/2026

কামৰূপ জিলাৰ চাংসাৰি থানাৰ অন্তৰ্গত পিয়লীখাটাত গুলি চালনাৰ ঘটনাৰ লগত জড়িত অপৰাধী আৰক্ষীৰ জালত। নিশাৰ ভাগত সংঘটিত হোৱা গুলীচালনাত জড়িত আইজুল ইছলাম,জাহিৰল হক,ছমেৰ আলী আৰু চানিদুল ইছলাম চাংসাৰি আৰক্ষীৰ জালত।

27/06/2026

কমলপুৰ আৰক্ষীৰ জালত এজন গভাইত চোৰ । দীৰ্ঘদিন ধৰি বাইহাটা চাৰিআলিৰ বিভিন্ন প্ৰান্তত চুৰি কৰি সন্ত্ৰাস সৃষ্টি কৰা মুন আলীক কমলপুৰ আৰক্ষীয়ে আটক কৰাৰ লগতে মুন আলীৰ পৰা জব্দ কৰে বহুটো সোণৰ আ-অলংকাৰৰ লগতে নগদ ধন । লুটি নিছিল সোণৰ আ-অলংকাৰ, নগদ ধন,মাটিৰ গুৰত্বপূৰ্ণ নথি পত্ৰৰ লগতে মজিবৰ ৰহমানৰ ওচৰত থকা অস্ত্ৰৰ অনুজ্ঞা পত্ৰ ।

27/06/2026

মাৰোৱাৰী হস্পিটেলৰ সংবেদন শীলতা আৰু সাম্প্ৰদায়িক স্বাস্থ্যসেৱাৰ ১১০ টা গৌৰৱোজ্জ্বল বছৰ।এই বাৰ্ণ্যধ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

Want your business to be the top-listed Beauty Salon in Gauhati?
Click here to claim your Sponsored Listing.

Category

Address


Baithata Chariali
Gauhati