Biraj Kumar Saud
Always grateful to those who have made me what I am.
ধেমালী অকণমান, অতীতক সুঁৱৰি
21/11/2025
আজি E.C.C.E. প্ৰশিক্ষণৰ অন্তিমদিনা ছাৰ/বাইদেউসকলৰ লগত। আপোনালোকৰ মৰম-ভালপোৱাবোৰেই মোৰ জীৱনৰ সাহস, শক্তি।
বন্ধু বিদ্যালয়ত আমাৰ স্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ হানিফ আলীয়ে জুবিনদাৰ মায়াবিনী গীতটো গোৱাৰ চেষ্টা কৰিছে। লগতে ঘোনাপাৰা প্ৰাথমিক বিদ্যালয় আৰু আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সহযোগ কৰিছে।
20/11/2025
আজি আমাৰ E. C.C.E. প্ৰশিক্ষণত ছাৰ-বাইদেউসকলৰ দ্বাৰা প্ৰস্তুত কৰা সৃজনীমূলক ক্ৰিয়া-কলাপ।
আজি ৰাতিপুৱা আমাৰ E. C. C. E. প্ৰশিক্ষণৰ আৰম্ভণি। শ্ৰদ্ধাৰ মোস্তাক ছাৰে প্ৰাৰ্থনাৰ আগ ধৰিছে।
মৰম আৰু শ্ৰদ্ধাৰ কবি উৎপলদাৰ কণ্ঠত সকলোৰে এটি ভাল লগা গীতৰ দুটিমান কলি। পুৰণি ভিদিও।
19/11/2025
আমাৰ বিদ্যালয়ত যোৱা ১৪ আৰু ১৫ নভেম্বৰ তাৰিখে অনুষ্ঠিত হৈ যোৱা "বন্ধু বিদ্যালয়"ৰ কেইটিমান দৃশ্য।
18/11/2025
গোৱালপাৰা জিলাৰ এজন যুৱ লেখক।ত্ৰিশ উদ্ধৰ বয়সৰ যুৱকজনৰ নাম মাণিক পাল।প্ৰাথমিক বিদ্যালয়ত শিক্ষকতাকৰাৰ লগতে তেওঁ একেদৰে সাহিত্য সাধনাত নিজকে নিমগ্ন ৰাখিছে। ইতিমধ্যে বহুকেইখন কিতাপেই পাঠকসমাজৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছে। তেখেতৰ দুই/তিনিখন কিতাপৰ কম সময়ৰ ভিতৰতে তৃতীয় সংস্কৰণৰ প্ৰকাশে তেখেতৰ কিতাপ যে পাঠক সমাজে সহৃদয়তাৰে আদৰি লৈছে তাক প্ৰমাণ কৰিছে।অসমীয়া ভাষা সাহিত্যৰ বৰভঁৰালটো চহকী কৰাৰ বাবে তেওঁ লোৱা এই সংকল্পক সাকাৰ ৰূপ দিয়াৰ বাবে আমি সকলোৱে তেওঁক উৎসাহিত কৰো আঁহক, মাথো তেওঁৰ কলমৰে নিগৰিত কিতাপকেইখনৰ পৰা আমাৰ নিজৰ উপযোগী এখন কিতাপ সংগ্ৰহ কৰি। শিশু উপযেগী, তেওঁৰ ভালেকেইখন কিতাপো ইতিমধ্যে বজাৰত উপলব্ধ হৈছে। উঠি অহা এইজনা লেখকৰ কলমক আমি সকলোৱে আদৰি লওঁ আহক। তেওঁৰ এতিয়ালৈ প্ৰকাশিত কিতাপকেইখন তলত উল্লেখ কৰা হ'ল।
অনুবাদ গ্ৰন্থ :
১)নিজৰ ভৰিত নিজে কুঠাৰ নামাৰিব (ডেনিয়েল জি আমেন)
২)দ্য লষ্ট ৱৰ্ল্ড (মাইকেল ক্ৰিকটন)
৩)ছাত্ৰ-ছাত্ৰীৰ কঠিন প্ৰশ্ন আৰু জ্ঞানীসকলৰ সহজ উত্তৰ (গেমা এলউইন হেৰিছ)
৪) থিংক এণ্ড গ্ৰ' ৰিচ্
প্ৰবন্ধ সংকলন:
১)সমকালীন চিন্তাশিল্প (জীৱন উপভোগ্য পাঠ)
২) মনোযোগৰ মন্ত্ৰশক্তি
উপন্যাস:
অৰুণিমাৰ বুকুৱে পিঠিয়ে
জীৱনী:
১)চিৰস্মৰণীয় আব্ৰাহাম লিংকন
২)চিৰস্মৰণীয় থমাছ আলভা এডিছন
৩)চিৰস্মৰণীয় সুভাষচন্দ্ৰ বসু
৪)মানৱ দৰদী ৰতন টাটা
৫) ৰাষ্ট্ৰীয় সুৰক্ষাৰ 'ছুপাৰকপ' অজিত ডোভাল
৬) চিৰস্মৰণীয় ছত্ৰপতি শিৱাজী মহাৰাজ
৭) চিৰস্মৰণীয় নীল আৰ্মষ্ট্ৰং
৮) চিৰস্মৰণীয় ভগৎ সিং
৯) চিৰস্মৰণীয় আলেকজেণ্ডাৰ গ্ৰাহাম বেল
১০) জুবিন গাৰ্গ (তুৰাৰ পৰা ছিংগাপুৰলৈ মায়াবিনী যাত্ৰা)
গদ্য
১)ভাল অভ্যাসৰ জৰিয়তে সন্তানৰ চৰিত্ৰ গঠন
গল্প
১) একুৰি শিক্ষামূলক গল্প
মাটিয়া ৰাইজৰ উদ্যোগত আয়োজিত ঈশ্বৰপুত্ৰ যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিনদাৰ জন্মদিনৰ কিয়দাংশ।অনুষ্ঠানটোত গাওঁখনৰ লগতে বৃহত্তৰ অঞ্চলটোৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আৰু ভালেসংখ্যক যুৱক-যুৱতী উপস্থিত থাকে। ঈশ্বৰপুত্ৰজনাৰ ৫৩ তম জন্মদিনৰ লগত সংগতি ৰাখি ৫৩ গছি বন্তি প্ৰজ্বলন কৰা হয়।
18/11/2025
আজিৰ E. C. C. E. প্ৰশিক্ষণৰ কেইখনমান স্থিৰ ছবি। প্ৰশিক্ষণৰ আৰম্ভণিতে প্ৰাতসভাৰ পিছতে ঈশ্বৰপুত্ৰৰ জন্মদিনো পালন কৰা হয়। বন্তি প্ৰজ্বলন কৰে মাটিয়া হাইস্কুলৰ প্ৰধান শিক্ষক শ্ৰদ্ধাৰ বৈশ্য ছাৰে।
আমাৰ E. C. C. E. প্ৰশিক্ষণৰ আজিৰ দ্বিতীয়দিনৰ কাৰ্যসূচীৰ প্ৰাতসভাৰ পিছতে ঈশ্বৰপুত্ৰৰ জন্মদিন পালন কৰা হয়।বন্তি প্ৰজ্বলন কৰে মাটিয়া হাইস্কুলৰ প্ৰধান শিক্ষক মহোদয় শ্ৰদ্ধাৰ ডম্বৰুধৰ বৈশ্যই।
Click here to claim your Sponsored Listing.
Category
Contact the business
Telephone
Website
Address
Matia
Goalpara
9706537918