Ashok Kumar Hasda
business
14/12/2024
With Sunali Tapna – I just got recognized as one of their top fans! 🎉
12/06/2023
বোৱাৰী গৰাকীকো ছোৱালী বুলি ভাবক।
শুনা বোৱাৰী,লিপষ্টিকবোৰ ওঁঠত ইমান বেছিকৈ ন'লবা বোৱাৰী মানুহ ভাল নেদেখি, চকুত এইবোৰ কি আঁকিছা?বোৱাৰী মানুহ এইবোৰ ভাল নেদেখি ।
ৰাতি বিচনাত ভাত খাই শুবলৈ গৈছে । সেই একেই গৰাকী শাহুৱেকে শহুৱেকক কৈছে.......
হেৰা শুনকচোন,আজি ডাঙৰ ছোৱালীজনীয়ে ফোন কৰিছিল,আমাৰ জোঁৱাই ছোৱালীক বোলে দুশ টকীয়া কাজলহে লৈ দিছে।শহুৰ লগে লগে উত্তৰ,.. এৰা পাই ছোৱালীজনীক জোঁৱাইটোৱে অলপো কষ্ট নিদিয়ে ।তাইৰ মোৰ বৰ মৰমৰ সদায় এনেকৈ সুখী হৈ থাকিলেই হ'ল ।কথাখিনি বোৱাৰীয়েকৰ কাণত পৰিল ।
তেতিয়া তাই (বোৱাৰী) মাকলৈ মনত পৰি দুধাৰী চকুলো ওলাই আহিল,তাইৰ মনতে ভাবিলে সচাকৈয়ে "মা" সমান কোনো আপোন হ'ব নোৱাৰে ।
বোৱাৰীয়ে পিন্ধা মেখেলা খন চুটি দেখি শাহুৱেকে ক'লে । বোৱাৰী ভৰি গোৰোহা ওলোৱাই বোৱাৰী মানুহে মেখেলা নিপিন্ধে ।ভাল নেদেখি
কিন্তু জীয়েক ঘৰলৈ আঁহোতে সেইগৰাকী শাহুৱে ক'লে ,ইমান গৰম মেখেলা- চাদৰ পিন্ধিব নালাগে । যা কেচি মেকচি এটা পিন্ধগৈ
বোৱাৰীয়েকৰ কেঁচুৱা জন্ম হ'ল ।ডাক্তৰে চিজাইন কৰিবলৈ দিলে,দুদিন পিছত শাহুৱে কৈ দিলে ,তোক এনেই পেট কাটি কেঁচুৱা ওলোৱাব লগা হোৱা নাই । কিবা পাপ কৰিছিলি সেইবাবে তেনেকুৱা হ'ল ।
দুদিন পিছত যেতিয়া নিজৰ জীয়েককো চিজাইন কৰিব লগা হ'ল,তেতিয়া আকৌ মানুহৰ আগত শাহুৱে কয়।জোঁৱাই ছোৱালী জনীক ইমানেই ভিটামিন খোৱালে কেচুৱাটো ডাঙৰ হৈ গ'ল । নৰ্মেল কৰিব নোৱাৰিলে।লাগিলে কেচুৱাৰ ওজন দুই কেজিয়ে হওঁক কিন্তু ফুটনি মাৰিবলৈ কেতিয়াও নাপাহৰে ।
বোৱাৰীয়ে যেতিয়া কিবা এটা ভুল কৰে ।তেতিয়া জী-জোঁৱাই,ওচৰ চুবুৰীয়া পেহী,মাহীক আপত্তি দিব বোৱাৰী স্বভাৱ ভাল নহয়,তাই আজি এইটো কৰিলে
কিন্তু যেতিয়া জীয়েকে ভুল কৰিব ।মোৰ ছোৱালী তেনেকুৱা নহয় ।মোৰ ছোৱালীয়ে এইটো কাম কৰিবই নোৱাৰে ।
বোৱাৰীয়ে কাম নাজানিলে,মাৰে কি শিকালে ।
জীয়েকে কাম নাজানিলে,সৰু ছোৱালী শিকাই বুজাই ল'ব আৰু ।কিন্তু নিজৰ বোৱাৰী জনী সৰু হলে ক'ব ইমান কেচুৱাতে বিয়া সোমাব লাগে বুলি জানিচ।বাকীবোৰ কিয় নোৱাৰিবি । তেতিয়া কিন্তু বোৱাৰী গৰাকীক শিকাই বুজাই নলয় ।
বিদ্র=এতিয়া কথা হ'ল।কোনো ছোৱালীয়ে
শাহুৱেকক শাহু বুলি প্ৰথমে নাভাৱে মা বুলি ভাৱে
।যেতিয়া বোৱাৰী গৰাকীক ছোৱালী বুলি নাভাবি
বোৱাৰী সজাই লোৱা হয় তেতিয়া সেই বোৱাৰী
গৰাকীয়েও মা সলনি শাহু বুলি ভাবিবলৈ লয়।
এজনী ছোৱালী এখন ঘৰত সৰু পৰা এটা
পৰিবেশত ডাঙৰ হৈ আন এটা পৰিবেশলৈ বিয়া
হৈ আহে।গতিকে সেই বোৱাৰী গৰাকীয়ে সেই
ঘৰখনৰ মানুহবোৰক বুজিবলৈ প্রায় বেছি ছয়
মাহ সময় প্ৰয়োজন হয়।গতিকে বোৱাৰী গৰাকী
ভুল কৰিলে শাহু গৰাকীয়ে যদি নিজৰ ছোৱালী
দৰে ভাবি শিকাই বুজাই লয়,তেতিয়া চাবচোন
নিজৰ মাতকৈ সেই গৰাকীৰ শাহুক বেছি সন্মান
আৰু শ্ৰদ্ধা কৰিব ।বোৱাৰীক বেলেগ ধাতুৰে গঢ়া
নাই।আপোনাৰ ছোৱালী দৰে বোৱাৰী গৰাকীয়েও
তেজ মাংসৰেই মানুহ ..........
Share কৰিবচোন,,,,,,,,,,,,
03/01/2023
2023
Click here to claim your Sponsored Listing.
Website
Address
Merapani Golaghat
Golaghat
12/06/2023