My Voice
এই page টো কেৱল গঠনমূলক আলোচনা ৰ বাবে খোলা হৈছে ৷
04/07/2023
আপুনি Cupping therapy কৰাব বিচাৰে নিকি !!
আমি বহুতেই সাধাৰণতে কওঁ , “ ই বিহাৰী , ই মিঞা , ই কলা , ই বগা ইত্যাদি” ৷
এই সম্পৰ্কত এটা কাহিনী শুনক ৷
ইছলামত প্ৰথম মোৱাজ্জিন (যি আজান দিয়ে) বিল্লাল (ৰাঃ)ক এবাৰ আল্লাহৰ নিৰ্দেশ মৰ্মে ৰছুলুল্লাহ (দঃ) এ কাবা গৃহৰ ওপৰত উঠি আজান দিয়াৰ নিৰ্দেশ দিছিল ৷ কিন্তু বিল্লাল (ৰাঃ) এজন কৃষ্ণাঙ্গ লোক হোৱাৰ উপৰিও মক্কাৰ কুৰেইশ নেতা উমাইয়া ইবনে খালাফৰ ক্ৰীতদাস আছিল। সেইহেতুকে তেখেতক কাবা গৃহৰ ওপৰত উঠি আজান দিয়াৰ নিৰ্দেশ দিয়াৰ বাবে উপস্থিত লোক সকলে অসন্তুষ্ট হৈ ৰছুলুল্লাহ (দঃ)ক প্ৰশ্ন কৰিলে , কিয় এজন ইমান নিম্ন পৰ্য্যায়ৰ লোকক এই অধিকাৰ দিছে ! তেতিয়া এই প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতেই ৰছুলুল্লাহ (দঃ) ক আল্লাহে নিৰ্দেশ দি কলে , “এই প্ৰশ্নৰ উত্তৰ তুমি দিব নালাগে ৷” ইয়াৰ উত্তৰ মই দিম বুলি কৈ তলৰ আয়াত (নিদৰ্শন)টো নাজিল(অৱতীৰ্ণ) হল ৷
৪৯:১৩
يَا أَيُّهَا النَّاسُ إِنَّا خَلَقْنَاكُمْ مِنْ ذَكَرٍ وَأُنْثَىٰ وَجَعَلْنَاكُمْ شُعُوبًا وَقَبَائِلَ لِتَعَارَفُوا ۚ إِنَّ أَكْرَمَكُمْ عِنْدَ اللَّهِ أَتْقَاكُمْ ۚ إِنَّ اللَّهَ عَلِيمٌ خَبِيرٌ
“হে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছো, আৰু তোমালোকক বিভক্ত কৰিছো বিভিন্ন জাতি আৰু গোত্ৰত, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ’ব পাৰা। তোমালোকৰ মাজত আল্লাহৰ ওচৰত কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল যিজন তোমালোকৰ মাজত বেছি তাক্বৱা সম্পন্ন। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত।”
চমুকৈ ইয়াৰ অৰ্থ হল , মানুহক তাৰ জাতি বা গোত্ৰৰ দ্বাৰা মৰ্য্যাদা দিয়া নহয় ৷ তাৰ মৰ্য্যাদা তাৰ তাক্বৱা (আল্লাহৰ প্ৰতি থকা শ্ৰদ্ধা, মৰম, ভয়)ৰ দ্বাৰাহে নিৰুপণ হয় ৷
গতিকে আমি মানুহৰ মাজত ভাগ ভাগ কৰিব নালাগে ৷ আমি সকলো এক আল্লাহৰেই সৃষ্টি ৷ ভাগ ভাগ কৰাটো এটা ডাঙৰ গুণাহ (পাপ)৷
হজ্জ সম্পৰ্কত কিছু বক্তব্য
Click here to claim your Sponsored Listing.
Category
Website
Address
B. G. Road
Jorhat
785001