RAlam New

RAlam New

Share

� dsto,eg pge pay aplg dek sakte hai crickt,comdy,film,video,tips,reals,aur bhi bhut kuch

04/11/2022

কি নাম দি মাতিম তোমাক?

মিঞা + ভাটিয়া = বংগমূলীয় জনগোষ্ঠী।
যদি গৰীয়া ,মৰিয়া, জোলহা ,দেশী- নিজা নিজা গোষ্ঠীগত ভাবে অসমীয়া আৰু মুছলমান তেতিয়াহ'লে বঙ্গীয়মূলীয় মানুহখিনি এই নামেৰে কিয় অসমীয়া , মুছলমান আৰু ভাৰতীয় হ'ব নোৱাৰে ? তেওঁলোকক বংগমূলীয় অসমীয়া বুলি নামাকৰণ কৰিব নোৱাৰি নে? এই নামেৰে মাতিলে কি কি অসুবিধা আহিব পাৰে সেইলৈ পৰ্যালোচনা হ'ব লাগে। যিহেতু ভাটিয়া আৰু মিঞা-এই দুয়োটা শব্দ দুষ্টচক্ৰই তুচাৰ্থত ব্যৱহাৰ কৰে ,গতিকে বিকল্প চিন্তাৰ সন্ধানত এটা সম্মানসূচক নামৰ বাবে অচিৰেই এটা জাতীয় অভিবৰ্তন হ'ব লাগে। দল মত নিৰ্বিশে অনুষ্ঠিত কৰা এই অভিবৰ্তনৰ সিদ্ধান্ত চৰকাৰৰ ওচৰত পেচ কৰিব লাগে আৰু সেই নামেৰেই জনগোষ্ঠীটোৰ স্হায়ী পৰিচয় হ'ব লাগে আৰু চিৰদিনৰ বাবে বিতৰ্কৰ অন্ত পৰিব লাগে। ব্যক্তিগত কাৰোবাক আক্ৰমণ বা প্ৰত্যাক্ৰমণে কোনো সমস্যাৰ সমাধান নকৰে, বৰং ই ঘৃণাৰ ভাবহে বিয়পাব আৰু সামাজিক গাঁথনি দুৰ্বল কৰি সাম্প্ৰদায়িক পৰিবেশ দূষিত কৰিব। এটা কথা সকলো পক্ষই অনুভৱ কৰা উচিত যে সমন্বয়ৰ সাঁকোখন লেহুকা কৰি বৃহত্তৰ অসমীয়া সমাজ গঠন সম্ভৱ নহয়। ইয়াৰ উদাহৰণ যোৱা ৪৪ বছৰে আমি দেখি আহিছো। কোনো এটা জনগোষ্ঠীটোক হেয় কৰি তেওঁলোকৰ ন্যায্য প্ৰাপ্যৰ পৰা বেছিদিন বঞ্চিত কৰি ৰাখিব নোৱাৰি- ইতিহাসে কয়। গতিকে এই মূল কথাখিনি সংশ্লিষ্ট সকলো পক্ষই যিমান সোনকালে অনুধাৱন কৰে সিমানেই ৰাজ্য খনৰ ভবিষ্যতৰ বাবে মঙ্গলজনক হ'ব।

এয়া সময়ৰ আহ্বান। এই আহ্বানক সঁহাৰি জনোৱাৰ দায়িত্ব সংশ্লিষ্ট জনগোষ্ঠীটোৰ প্ৰতিজন ব্যক্তিৰ। কেৱল চচিয়েল মিডিয়াত বিতৰ্ক কৰি ইয়াৰ সমাধান উলিওৱা সম্ভৱ নহয়। বৰ লুইতৰ বহুত পানী ঘোলা হ'ল কিন্তু সমস্যাটো আজিকোপতি সমাধান নহ'ল।

সৰুতে এটা গল্প পঢ়িছিলো। এজন মানুহে এপাচি পকা কল মূৰত লৈ জঙ্ঘলৰ মাজেদি গৈ আছিল। তাকে দেখি এদল বান্দৰে কলৰ আশাত মানুজনৰ পিছ লৈছিল আৰু মানুহজনে যিমান পাৰে দৌৰি পলাবলৈ চেষ্টা কৰিছিল। মানুহজন দৌৰা দেখি বান্দৰবোৰে আৰু বেছিকৈ আক্ৰমণ কৰিছিল। এই ঘটনাটো এজন মানুহে প্ৰত্যক্ষ কৰিছিল। এই বাটৰুৱাজনে দৌৰি থকা মানুহ জনক হাতত থকা সৰু লাঠিৰে ঘূৰি থিয় হ'বলৈ পৰামৰ্শ দিছিল আৰু লগে লগে বান্দৰ জাকে আক্ৰমণ কৰিবলৈ এৰি পলাই পত্ৰং দিছিল। মানুহজন কোন আছিল জানে নে ? তেওঁ আছিল স্বামী বিবেকানন্দ। ধন্যবাদ।
ডাঃ এ কাদিৰ।
Copy from Dr.Abdul kadir

02/11/2022

"ভাটীয়া" কি হে 

আমাৰ সম্প্ৰদায়ৰ এগৰাকী বৰেণ্য লেখকে "ভাটীয়া" বোলা শব্দটোৰ উদ্ভাৱক ৰূপত দেখা গৈছে । অৱশ্যে তেৰাৰ অবিৰত ব্যাখ্যা-যুক্তিত অতি নগন্য সংখ্যক সমৰ্থকো নোলোৱা নহয় । আচলতে আমাৰ জনগোষ্ঠীয় পৰিচয়ৰ পৃষ্ঠপোষক হিচাপে নগন্য দুই-এজনৰ শিৰোনানামাত উল্লেখিত শব্দটোক লৈ আলোচনাৰ বিশেষ প্ৰয়োজন নাই যদিও আমাৰ অনুৰাগী বন্ধুসকলৰ জ্ঞাতাৰ্থে মোৰ অভিমত ব্যক্ত কৰিবলৈ লৈছোঁহক । এয়া অনস্বীকাৰ্য যে আধুনিক অসমৰ প্ৰেক্ষাপটত "ভাটীয়া" বোলা শব্দটো অকল ধুবুৰী-কোকৰাঝাৰতে সীমাবদ্ধ । কিয়নো বৃটিছ-বংগৰ ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ উজনিত আছিল অবিভক্ত ৰংপুৰ অঞ্চল । সেয়ে ৰংপুৰীয়া সকলৰ পৰিচয় তেওঁলোকৰ ভাষাত উজানী আৰু তাৰ ভাটিৰ ফালৰ লোক সকল ভাটিয়া । এইখিনিতে মন কৰিবলগীয়া যে সেই ভাটীয়া শব্দটো অকল ৰংপুৰীয়াসকলৰ মুখে মুখেহে চলি আহিছে । ৰংপুৰীয়া মুছলমান সকলে নিজকে উজানি বুলি ভাবি তাৰ ভাটিৰ লোকসকলক ভাটীয়া বুলিলেও ভাটিৰ অৰ্থাৎ ৰাজশ্বাহী, পাবনা, জামালপুৰ, মেমনসিং, ঢাকা প্ৰভৃতি অঞ্চলৰ লোকসকলে কেতিয়াও নিজকে ভাটীয়া পৰিচয় দিয়াৰ নজীৰ নাই । পিছলৈ ৰংপুৰখন ভাঙি গোৱালপাৰা (অবিভক্ত) জিলা গঠন হৈছিলগৈ । কিন্তু বৃটিছৰ শাসন চলি থাকোতেই তথাকথিত ভাটিৰ উল্লেখিত জিলাসমূহৰ পৰা খেতি-বাতি কৰা মুছলমান লোক একাংশই নৱ-গঠিত অসমৰ মাটিলৈ উজাই আহিছিল । তাৰে কিছু লোক হয়তো গোৱালপাৰা জিলাতো বসতি পাতিছিল বা আগৰ পৰাই আছিল (যিসকলে মৈমনসিং-ঢাকাৰ লোকৰ দৰে দোৱানৰ লেখীয়া দোৱানত কথা পাতে ) । অবিভক্ত গোৱালপাৰাৰ বিশেষকৈ বৰ্তমানৰ ধুবুৰী-কোকৰাঝাৰৰ তথাকথিত উজানীসকলে উল্লেখিত আন মুছলমানসকলক ভাটিয়া বুলি তাচ্ছিল্যাৰ্থত অভিহিত কৰি আহিছে । এনেকি উজানী বোলা মুছলমান সমাজৰ দেখাদেখি আন লোকেও তথাকথিত ভাটীয়া মুছলমান সকলক ভাটীয়া বুলি ঘৃণা বা অৱহেলাৰ দৃষ্টিৰে চাই আহিছে । সেয়ে তথাকথিত ভাটীয়া বোলা শব্দটো অকল ধুবুৰী-কোকৰাঝাৰ অঞ্চলতে সীমাবদ্ধ । বিগত কেইদিনমানৰ পৰা আমাৰ সম্প্ৰদায়ৰে আত্ম-অহঙ্কাৰী লেখকগৰাকীয়ে সেই "ভাটীয়া" পৰিচয়টো সমগ্ৰ নামনি, মধ্য তথা উজনিৰ কিছু অংশত বসবাস কৰা আমাৰ সম্প্ৰদায়ৰ লোকসকলৰ জনগোষ্ঠীয় পৰিচয় হিচাপে জাপি দিবৰ বাবে উঠিপৰি লগা দেখা গৈছে ।
আমি শৈশৱৰে পৰা আমাৰ পিতৃ-ককাহঁতৰ মুখতে বাৰিষাত মাছ ধৰি বেছিবলৈ অহা আৰু মাটিৰ বাচন বেছিবলৈ অহা বঙালী হিন্দু লোকসকলক ভাটীয়া হিন্দু বুলি কোৱা শুনিছিলোঁ । অৰ্থাৎ আমাৰ সমাজৰ অনেকৰে মতে ভাটিৰ বঙালী হিন্দুসকলৰ পৰিচয়ো ভাটীয়া বা ভাটিয়লী । আকৌ অঞ্জন শৰ্মাৰ 'কোচবিহাৰ কিদৰে হ'ল বংগৰ অংগ' শীৰ্ষক গন্থত উল্লেখ কৰিছে যে কোচবিহাৰৰ থলুৱা সমাজে কোচবিহাৰ অঞ্চলৰ ভাটিৰ লোকসকলক ভাটীয়া বা ভাটিয়লী বুলি কয় । তাৰমানে গংগা নৈৰ ভাটি অঞ্চলৰ লোকসকলক ভাটীয়া বুলি অভিহিত কৰে কোচবিহাৰৰ থলুৱা লোকসকলে । মোৰ বা আমাৰ পূৰ্বপুৰুষসকলৰ ভাটিয়লী আৰু কোচবিহাৰী সকলৰ ভাটীয়লী সম্প্ৰদায় মোটামুটি একে । সেই ভাটীয়া পৰিচয় আমি বৰ্তমানৰ গোৱালপাৰাৰ পৰা লখিমপুৰ-গোলাঘাটলৈ থকা মিঞা হিচাপে পৰিচিত সকলে গ্ৰহণ কৰোঁ কিদৰে বা গ্ৰহণ কৰা যুক্তিসংগত হ'বনে ? অবিভক্ত ৰংপুৰীয়া মুছলমানসকলে ভাটিৰ মুছলমানসকলক বুজাবলৈ ভাটীয়া শব্দৰ ব্যৱহাৰ কৰিছিল যদিও আমি দেখোন ব্ৰহ্মপুত্ৰ উপত্যকাত তেওঁলোকতকৈ উজনিত (তেওঁলোকৰ ভাষাত উজানত) আছোঁ ? সেয়ে ভাটীয়া পৰিচয় কিমান যুক্তিসঙ্গত ? 
আমাৰ বৰেণ্য (অনেকৰে মতে জঘন্য) লেখকগৰাকীৰ যুক্তিমতে মিঞা শব্দটো অসমত তাচ্ছিলাৰ্থত তথা ঘৃণাৰ্থত ব্যৱহাৰ হৈছে । মই অস্বীকাৰ নকৰোঁ । কিন্তু তাৰ সলনি তেৰাই যে "ভাটীয়া" পৰিচয় আৰোপ কৰিব বিচাৰিছে সেয়া চোন আৰু অধিক ঘৃণাসূক ধুবুৰী-কোকৰাঝাৰ অঞ্চলত ! মোৰ সেই অঞ্চলৰ বাস্তৱ অভিজ্ঞতা আছে । এবাৰ হাটশিঙিমাৰীলৈ বাছেৰে গৈ থাকোতে যথেষ্ট ভিৰ হৈছিল । গৰমৰ দিনত মানুহৰ ভিৰত কেনে গোন্ধ ওলায় তাক কোনে নাজানে ? বাছখনত মোৰ কাষতে থকা এজনী ছোৱালীয়ে বাপেকক কৈছিল- " বাবা, মই থাকিবাৰ নাপাৰং, খালি ভাটীয়ে ভাটিয়ে গোন্ধ ।" তথাকথিত ভাটীয়াৰ প্ৰতি তথাকথিত উজানি সকলে ইমান ঘৃণা বিয়পাইছে যে ৰাভা সম্প্ৰদায়ৰ (নে কোচ সম্প্ৰদায়ৰ) সৰু ছোৱালীজনীও মানুহৰ ভিৰৰ গোন্ধক ভাটীয়াৰ গোন্ধ বুলি চিনি পাইছে । তদূপৰি কোকৰাঝাৰ অঞ্চলত এনে কাহিনী বহুত শুনিছোঁ যে কোনোবাই হেনো বজাৰৰ পৰা আহি কৈছে যে 'বাজাৰত দেখলুং একটা মানুষো নাই সব ভাটিয়ে ।' তাৰ মানে ভাটীয়াসকল উজানীসকলৰ মতে মানুহে নহয় । এনেকি এনে কথাও শুনিছোঁ যে ' মচজিদত ভাটিয়ে দিয়ে ভৰ্তি, নামাজ পৈঢ়বেন কেমনে ?' অৰ্থাৎ যিখন মচ্‌জিদত ভাটীয়া লোকেৰে ভৰ্তি তেনে মচ্‌জিদত উজানী সকলে নমাজ পঢ়িবলৈয়ো টান পায় । এতেকে সেই ভাটীয়া বোলা ঘৃণীত পৰিচয়টোকে আমাৰ বৰেণ্য বৈষ্ণৱ লেখকগৰাকীয়ে আমাৰ ওপৰত জাপি দিব বিচাৰিছে । সৰ্বোপৰি শব্দটো অকল ধুবুৰী-কোকৰাঝাৰ অঞ্চলতে সীমাবদ্ধ । এসময়ত ভাটীয়ে বুলি ইতিকিং কৰা বৰ্তমানে দেশী নাম লোৱা উজানীসকলেই আমাক মিঞা নামেৰে অভিহিত কৰিবলৈ লৈছে । সেয়ে অসমত মিঞা হিচাপে পৰিচিত হৈ পৰা লোকসকলৰ বাবে "ভাটীয়া" পৰিচয় অবান্তৰ যেন লাগিছে । সেয়ে বোধহয় নগাঁৱৰ বন্ধু এজনে মোক সুধিছে "ভাটীয়া" কি বস্তু হে ?
copy from Omar choudhary

Category

Telephone

Website

Address


Kurihamari (Baraulia)
Nalbari
781126

Alerts

Be the first to know and let us send you an email when RAlam New posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Nalbari.